পুনৰ হোৱাইট হাউচ দখল কৰিছে ড’নাল্ড ট্ৰাম্পে । আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰিছে । ফক্স নিউজৰ তথ্য অনুসৰি ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে ২৭৭টা নিৰ্বাচনী ভোট লাভ কৰাৰ বিপৰীতে ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী কমলা হেৰিছ সংখ্যাগৰিষ্ঠতাৰ পৰা বহু পিছ পৰি আছে । এ এফ পিৰ মতে, বিজয়ৰ পিছত প্ৰথম ভাষণত ট্ৰাম্পে কয় যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সৈতে ‘ইতিহাস সৃষ্টি হ’ল’ ।
বিজয়ৰ পিছত ফ্ল’ৰিডাত দিয়া প্ৰথম ভাষণত ড’নাল্ডে কয় যে তেওঁ আৰু তেওঁৰ সমৰ্থকসকলে হোৱাইট হাউছৰ দৌৰত ইতিহাস ৰচনা কৰিছে । উল্লাসিত সমৰ্থকসকলৰ আগত ট্ৰাম্পে কয় যে আমি আজি ৰাতি ইতিহাস ৰচনা কৰিলোঁ আৰু আমি ইয়াক কৰিবলৈ লোৱা একমাত্ৰ কাৰণটো হ’ল আমি এনে বাধা অতিক্ৰম কৰিলোঁ যিবোৰ কোনেও সম্ভৱ বুলি ভবা নাছিল । তেওঁ কয়, “এইটো এনে এক ৰাজনৈতিক জয় যিটো আমাৰ দেশে আগতে কেতিয়াও দেখা নাই ।”