টেষ্ট ক্ৰিকেটত আন এক ব্যৰ্থতা লাভ কৰে ভাৰতীয় ক্ৰিকেট দলৰ বেটছমেন বিৰাট কোহলিয়ে। পুনেত চলি থকা নিউজিলেণ্ডৰ বিৰুদ্ধে থকা দ্বিতীয়খন টেষ্টৰ দ্বিতীয় ইনিংছত কম স্ক’ৰেৰে পুনৰ দুৰ্বল প্ৰদৰ্শন কৰি উভতি আহিছিল বেটছমেনগৰাকী। টেষ্ট ক্ৰিকেটত বিৰাট কোহলীৰ প্ৰদৰ্শন অতি দুৰ্বলৰূপে পৰিণত হৈছে। ৩৫০ ৰানৰ লক্ষ্যত ৰানৰ ক্ষেত্ৰত বহুখিনি নিৰ্ভৰ কৰিছিল ছিনিয়ৰ বেটছমেনগৰাকীৰ ওপৰত। যদিও বিৰাট কোহলীৰ ইনিংছৰ আৰম্ভণি যথেষ্ট ভাল কৰিছিল তথাপিও কিন্তু স্কৰৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰিলে। ৪ নং স্থানত বেটিং কৰিবলৈ ৱাক আউট কৰা বিৰাট কোহলীয়ে বেটৰ সৈতে যথেষ্ট ভাল দেখা গৈছিল আৰু বল যথেষ্ট ভালকৈ ডিফেণ্ড কৰিছিল। পুনেৰ দৰ্শকে কিং কোহলীৰ মাষ্টাৰক্লাছৰ সাক্ষী হ’ব বুলি আশা কৰা হৈছিল যদিও সেয়া সম্ভৱ নহ’ল। মিচেল ছাণ্টনাৰে টেষ্ট ইনিংছত দ্বিতীয়বাৰৰ বাবে তেওঁক আউট কৰি পেভিলিয়নলৈ উভতাই পঠাইছিল। ৪০টা বলত ১৭ ৰান সংগ্ৰহ কৰি পুনৰ বিৰাট কোহলিয়ে নিৰাশ কৰে দেশবাসীক। প্ৰথম ইনিংছত ৯টা বলত ১ ৰান সংগ্ৰহ কৰা বিৰাট কোহলিয়ে দুটা বাউণ্ডেৰীৰ সহায়ত ৪০টা বলত ১৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।