ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ ৰোধ কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অহৰহ জেলেনস্কি আৰু পুটিনৰ সৈতে আলোচনাত মিলিত হৈছে, কিন্তু যুদ্ধবিৰতিৰ বাবে পুটিনে যিবোৰ চৰ্ত নিৰ্ধাৰণ কৰিছে, সেইবোৰৰ ওপৰত এতিয়ালৈকে কোনো একমত হোৱা নাই।
ট্ৰাম্পৰ দূত ষ্টিভ উইটকফে শুকুৰবাৰে ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বৈঠকত মিলিত হয় ।ইফালে ট্ৰাম্পে কয় যে সেই সময়ত তেওঁ যদি ৰাষ্ট্ৰপতি হ’লহেঁতেন তেন্তে এই যুদ্ধ কেতিয়াও আৰম্ভ নহ’লহেঁতেন।
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সামাজিক মাধ্যমত লিখিছে যে, ‘ৰাছিয়াই আগবাঢ়ি যাব লাগিব। বহুত মানুহৰ মৃত্যু হৈছে, এইখন এখন ভয়ংকৰ আৰু নিৰৰ্থক যুদ্ধ, যিটো কেতিয়াও হ’ব নালাগিছিল, প্ৰতি সপ্তাহত হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে।মই যদি ৰাষ্ট্ৰপতি হ’লোহেঁতেন তেন্তে এনেকুৱা কেতিয়াও নহ’লহেঁতেন।’
ট্ৰাম্পৰ মন্তব্যটো সেইটো সময়ত আহিছে, যেতিয়া ট্ৰাম্পৰ দূত ষ্টিভ উইটকফ মস্কো ভ্ৰমণত আছে আৰু যুদ্ধ ৰোধ কৰিবলৈ পুটিনৰ সৈতে কথা পাতিবলৈ আহিছে।পুটিন আৰু ষ্টিভ উইটকফে চেণ্ট পিটাৰ্ছবাৰ্গত সাক্ষাৎ কৰে।
অৱশ্যে এই বৈঠকৰ ফলাফল কি হ’ল, এই সন্দৰ্ভত বৰ্তমানলৈকে ৰাছিয়া বা আমেৰিকাই কোনো বিবৃতি প্ৰকাশ কৰা নাই।ট্ৰাম্প ক্ষমতালৈ অহাৰ পিছত উইটকফৰ এয়া তৃতীয়টো ৰাছিয়া ভ্ৰমণ।
উল্লেখ্য যে যোৱা ১১ মাৰ্চত আমেৰিকা আৰু ইউক্ৰেইনৰ বিষয়াসকলৰ মাজত চৌদি আৰৱৰ জেদ্দাত এক আলোচনা হৈছিল, য’ত য’ত ইউক্ৰেইনৰ প্ৰতিনিধিয়ে আমেৰিকাৰ ৩০ দিনীয়া যুদ্ধবিৰতিৰ প্ৰস্তাৱ গ্ৰহণ কৰে।