ডুবাইত ভাৰতে নিজৰ শক্তি প্ৰদৰ্শন কৰি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰে । এই জয়েৰে টিম ইণ্ডিয়াই ফাইনেলত প্ৰৱেশ কৰিছে । এই জয়েৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া বিশ্বকাপ ২০২৩ৰ পৰাজয়ৰ প্ৰতিশোধ ল’লে ৰোহিত শৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে । ছেমি ফাইনেলত ভাৰতৰ জয়ৰ আঁৰত তিনিটা গুৰুত্বপূৰ্ণ কাৰণ আছিল । ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ আছিল বিৰাট কোহলীৰ প্ৰদৰ্শন ।
প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই ২৬৪ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে ৪৮.১ অভাৰত ৬টা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে । ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বলাৰসকলে । তেওঁলোকৰ প্ৰদৰ্শন ভাৰতৰ বিজয়ৰ এক ডাঙৰ কাৰক হৈ পৰিল । অষ্ট্ৰেলিয়াৰ অ’পেনাৰ ট্ৰেভিছ হেডে বিস্ফোৰক বেটিং কৰিছিল । কিন্তু বৰুণ চক্ৰৱৰ্তীয়ে তেওঁক পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পিছত মহম্মদ ছামীয়ে ষ্টিভ স্মিথৰ উইকেট দখল কৰে । ৭৩ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে স্মিথ । এই খেলুৱৈসকল যদি আৰু অধিক সময় ক্ৰীজত থাকিলহেঁতেন তেন্তে স্ক’ৰ আৰু ডাঙৰ হোৱাৰ সম্ভাৱনা আছিল ।
ভাৰতৰ বাবে গেম চেঞ্জাৰ হিচাপে প্ৰমাণিত হ’ল বিৰাট কোহলী-
কোহলীৰ ইনিংছ ভাৰতৰ জয়ৰ এক ডাঙৰ কাৰক হৈ পৰে । ৮ ৰান সংগ্ৰহ কৰি আউট হৈছিল অ’পেনাৰ শুভমন গীল । অধিনায়ক ৰোহিত শৰ্মাই ২৮ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে । এনে পৰিস্থিতিত কোহলীয়ে ইনিংছৰ দায়িত্ব লয় । তেওঁ ৯৮টা বলৰ সন্মুখীন হৈ ৮৪ ৰান সংগ্ৰহ কৰে । বিৰাটৰ এই ইনিংছত আছিল ৫টা চাৰি ।
নিজৰ শক্তি দেখুৱালে শ্ৰেয়াছ আয়েৰ আৰু হাৰ্দিক পাণ্ডিয়াই-
আয়েৰ আৰু বিৰাটৰ মাজত ৯১ ৰানৰ অংশীদাৰিত্ব আছিল । এই অংশীদাৰিত্বৰ সময়ত শ্ৰেয়াছে ৪৫ ৰান বৰঙণি আগবঢ়ায় । দুয়োজনে একেলগে টিম ইণ্ডিয়াৰ ইনিংছ সুস্থিৰ কৰি তুলিছিল । ইয়াৰ পিছত পাণ্ডিয়াই শেষ ফালে পৰিবেশ সলনি কৰে । বিস্ফোৰক প্ৰদৰ্শনেৰে ভাৰতক জয়ৰ ওচৰলৈ লৈ গ’ল হাৰ্দিকে । পাণ্ডিয়াই ২৪টা বলত ২৮ ৰান সংগ্ৰহ কৰে ।
কেতিয়া আৰু কাৰ বিৰুদ্ধে ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব ভাৰতে-
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত মঙলবাৰে ডুবাইত অনুষ্ঠিত হয় প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল । এতিয়া ৯ মাৰ্চত প্ৰতিযোগিতাখনৰ অন্তিমখন তথা ফাইনেল মেচ খেলিব টিম ইণ্ডিয়াই । দ্বিতীয় ছেমি ফাইনেলত জয়ী হোৱা দলটো ফাইনেলত প্ৰৱেশ কৰিব । বুধবাৰে লাহোৰত নিউজীলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন ছেমি ফাইনেল ।