মহানগৰীৰ জনতাৰ বাবে ডাঙৰ খবৰ। আজিৰে পৰা তিনি দিনলৈ গুৱাহাটীবাসীয়ে নাপাব পানী। মহানগৰীৰ কেইবাটাও প্ৰান্তত নাপাব পানী।
অমিয় নগৰ , চান্দমাৰি, লাচিত নগৰ, ৰাজগড়, উলুবাৰী, ৰূপ নগৰ, বৰা চাৰ্ভিছ, জো-ৰোড, অনিল নগৰ, নবীন নগৰ, তৰুণ নগৰ, শ্ৰী নগৰ, ভাস্কৰ নগৰ, এম টি ৰোড, গীতানগৰ. অম্বিকাগিৰী নগৰ, সুন্দৰপুৰ, মানিক নগৰ, হেঙেৰাবাৰী, স্বৰাজ নগৰ, ডাউনটাউন, বৰ মটৰীয়া, সৰু মটৰীয়া, লতাশিল, শিল পুখুৰী, পাণ বজাৰ,খাৰঘূলীত বন্ধ থাকিব পানী যোগান।
জাইকাৰ পাইপ লাইনত চলিব মেৰামতিৰ কাম।গুৱাহাটী জলবোৰ্ডে দিছে এই নিৰ্দেশনা । জলবোৰ্ডৰ অধ্যক্ষ পল্লৱ গোপাল ঝাৰ মন্তব্যৰ জৰিয়তে দিছে এই নিৰ্দেশনাটো।
দৰাচলতে বৃহস্পতিবাৰে মহানগৰীৰ খাৰঘূলীত পানীৰ পাইপ ফুটি এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছিল। যাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।