পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাত সন্ত্ৰাসবাদীয়ে এক ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে।আক্ৰমণটোত কমেও ৫০ জন লোক নিহত হৈছে।খাইবাৰ পাখতুনখোৱাৰ ডাউন কুৰম অঞ্চলত যাত্ৰীবাহী বাহনৰ ওপৰত আক্ৰমণটো সংঘটিত হৈছিল।
এই আক্ৰমণত এজন আৰক্ষী বিষয়া আৰু মহিলাকে ধৰি ২০ জনতকৈ অধিক লোক আহত হৈছিল। তথ্য অনুসৰি, সন্ত্ৰাসবাদীসকলে উত্তৰ-পশ্চিম পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাত চিয়া মুছলমান নাগৰিক কঢ়িয়াই অনা এখন যাত্ৰীবাহী বাহনৰ ওপৰত গুলীচালনা কৰিছে।
এই আক্ৰমণত ৫০ জন লোকৰ মৃ্ত্যু হৈছে যদিও মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।ৰাষ্ট্ৰপতি আচিফ আলী জাৰ্দাৰীয়ে ঘটনাটোক তীব্ৰ গৰিহণা দিয়াৰ লগতে শোকসন্তপ্ত পৰিয়ালবোৰলৈ সমবেদনা জ্ঞাপন কৰিছিল।
জানিব পৰা মতে পাৰাচিনাৰৰ পৰা পেছাৱাৰলৈ যোৱা যাত্ৰীবাহী বাহনখনলৈ লক্ষ্য কৰি আক্ৰমণটো কৰিছিল।দৰাচলতে কুৰম জিলাত কেইবামাহ ধৰি বিভিন্ন জনজাতি আৰু দলৰ মাজত সংঘৰ্ষ চলি আছে। এই সংঘৰ্ষত বহু মানুহে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে।
এই হিংসাত্মক ঘটনাৰ ফলত মুখ্য আৰু সংযোগী পথৰ লগতে আফগানিস্তানৰ সৈতে সীমান্ত সঘনাই বন্ধ হৈ আহিছে, যাৰ ফলত স্থানীয় বাসিন্দাসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।