পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাটোত মহিলা আৰু শিশুসহ কমেও ১১জন লোকৰ মৃত্যু হৈছে।
জাৰণৱালাত এখন যাত্ৰীবাহী বাছ আৰু তিনিচকীয়া এখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়।দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় লোক উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই।

জানিব পৰা মতে জাৰণৱালাৰ পৰা লাহোৰ অভিমুখে গৈ থকা বাছখন আৰু তিনিচকীয়া বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।তাৰ পিছত নিয়ন্ত্ৰণ হেৰুৱাই বাছখন ৰাস্তাৰ পৰা দ’ খাৱৈত বাগৰি পৰে।
তেওঁ কয় যে ৮ জন যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ১০ জন আহতক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু ইয়াৰে তিনিজনৰ চিকিৎসালয়ত মৃত্যু হয়।আৰু তিনিজন আহত লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।’