নৱবৰ্ষ প্ৰহিলা দিনটোতে ঝাৰখণ্ডৰ হাজৰিবাগৰ পৰা এটা আচৰিত ঘটনা পোহৰলৈ আহিছে । পত্নীৰ লগত কাজিয়া হোৱাত এজন মানুহে এটা কুঁৱাত জঁপিয়াই দিয়ে ।
ঘটনাটো হাজৰিবাগৰ চাৰ্হীত সংঘটিত হৈছে । সুন্দৰ কৰমালী নামৰ লোকজনে তেওঁৰ পত্নী ৰূপা দেৱীৰ সৈতে ঘৰুৱা কথাক লৈ কাজিয়াত লিপ্ত হয় । কাজিয়াৰ পিছত তেওঁৰ বাইকখনৰ সৈতে ওচৰতে থকা এটা কুঁৱাত জপিয়াই দিয়ে ।
কৰমালী বচাবলৈ গৈ চুবুৰীৰ আন তিনিজন ক্ৰমে ৰাহুল কৰমালী,বিনয় কাৰমালী, পংকজ কৰমালী আৰু সুৰজ ভূঞাইও কুঁৱাটোত জপিয়াই দিয়ে । কিন্তু দুৰ্ভাগ্যৱশতহ: কুঁৱাটোৰ ভিতৰত ৫ জন লোকৰে মৃত্যু হয় ।
ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। বহু সময়ৰ অভিযানৰ অন্তত অৱশেষত পাঁচোজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ঘটনাটোৰ পিছত অঞ্চলজুৰি চাঞ্চল্যই বিৰাজ কৰিছে।