ছৌদি আৰৱৰ জেদ্দাত চলি আছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ মেগা নিলাম । ১০টা ফ্ৰেঞ্চাইজিয়েই পানীৰ দৰে ধন খৰচ কৰি নিজৰ প্ৰিয় খেলুৱৈক কিনিছে । এনে পৰিস্থিতিত সকলোৱে আই পি এলৰ এই মেগা নিলামত আটাইতকৈ দামত বিক্ৰী হোৱা সেই ৬ জন খেলুৱৈৰ কথা জানিবলৈ উৎসুক হৈ আছে ।
ভাৰতীয় দলৰ অভিজ্ঞ উইকেটকীপাৰ বেটছমেন ঋষভ পন্ট আই পি এলৰ ইতিহাসত বিক্ৰী হোৱা আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হৈছে । তেওঁৰ ভিত্তি মূল্য আছিল ২ কোটি । লক্ষ্ণৌৱে প্ৰথমে তেওঁৰ বাবে বিড দিছিল । তাৰ পিছত আৰ চি বিয়েও বিড দিলে । কিন্তু তেওঁলোক পিছুৱাই যায় । ইয়াৰ পিছত হায়দৰাবাদ আৰু লক্ষ্ণৌৰ মাজত নিবিদা যুদ্ধ হয় । কিন্তু শেষত লক্ষ্ণৌৱে জয়লাভ কৰি ঋষভ পন্টক ২৭ কোটি টকাত ক্ৰয় কৰে । দিল্লীয়ে তেওঁলোকৰ বাবে আৰ টি এম কাৰ্ড ব্যৱহাৰ কৰাৰ কথা ভাবিছিল । তেওঁলোকে পেডেল তুলি লৈছিল । ইয়াৰ পিছত এল এছ জিয়ে এটা দাম দিব লগা হ’ল । তেওঁলোকে পণ্টক ২৭ কোটি টকাৰ বিড দিয়ে । এই বিড দেখাৰ পিছত দিল্লীয়ে পিছুৱাই গৈ ঋষভৰ বাবে আৰ টি এম কাৰ্ড ব্যৱহাৰ নকৰিলে ।
ভাৰতীয় দলৰ অভিজ্ঞ বেটছমেন শ্ৰেয়াছ আয়াৰে আই পি এলৰ ইতিহাসত বিক্ৰী হোৱা দ্বিতীয় সৰ্বাধিক ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হয় । তেওঁক ২৬.৭৫ কোটি টকাত ক্ৰয় কৰে পঞ্জাৱ কিংছে । দিল্লী কেপিটেলছ আৰু পঞ্জাৱ কিংছৰ মাজত দেখা গ’ল এক দৰ্শনীয় নিবিদা যুদ্ধ । কলকাতা নাইট ৰাইডাৰ্ছেও তেওঁৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল । কিন্তু তেওঁলোকে খৰধৰকৈ পিছুৱাই যায় । আয়াৰৰ ভিত্তি মূল্য আছিল ২ কোটি টকা ।
আই পি এলৰ মেগা নিলামত ভেংকটেশ আয়াৰক তেওঁৰ পুৰণি দল কলকাতা নাইট ৰাইডাৰ্ছে ২৩ কোটি ৭৫ লাখ টকাৰ বিপুল মূল্যত পুনৰ ক্ৰয় কৰে । ৰয়েল চেলেঞ্জাৰ বেংগালুৰু আৰু চেন্নাই ছুপাৰ কিংছো এই যুৱ অলৰাউণ্ডাৰজনৰ পিছত অবিৰতভাৱে আছিল । সেইবাবেই তেওঁলোকৰ বিড বহু দূৰলৈ যায় । ভেংকটেশ আয়াৰৰ ভিত্তি মূল্য আছিল ২ কোটি টকা । এইদৰে আয়াৰে ১১ গুণ বেছি ধন লাভ কৰে । ২৯ বছৰীয়া আয়াৰে প্ৰথম ছিজনত অৰ্থাৎ ২০২১ চনত ১০খন মেচ খেলিছিল, য’ত তেওঁ ৩৫০ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰিছিল ।
২ কোটি টকাৰ ভিত্তি মূল্য থকা অৰ্শদীপ সিঙক ছানৰাইজাৰ্ছ হায়দৰাবাদে ১৫ কোটি ৭৫ লাখ টকাত ক্ৰয় কৰিছিল যদিও তেওঁৰ পুৰণি দল পঞ্জাব কিংছে ৰাইট টু মেচ কাৰ্ড ব্যৱহাৰ কৰি ২৫ বছৰীয়া পেচাৰগৰাকীক পুনৰ ৫০ লাখ টকাত যোগ দি ১৮ কোটি টকাত ক্ৰয় কৰে ।
ইফালে য়ুজবেন্দ্ৰ চাহালকো পঞ্জাৱ কিংছে ১৮ কোটি টকাত ক্ৰয় কৰে । চাহালৰ ভিত্তি মূল্য আছিল ২ কোটি টকা । ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছৰ হৈ খেলা চাহালক দলটোৱে এইবাৰ মুকলি কৰি দিছিল ।
ইংলেণ্ডৰ অভিজ্ঞ উইকেটকীপাৰ বেটছমেন জছ বাটলাৰৰো ডাঙৰ দৰদাম হৈছিল । তেওঁক ১৫.৭৫ কোটি টকাত ক্ৰয় কৰে গুজৰাট টাইটানছে । গুজৰাট টাইটানছৰ উপৰিও ৰাজস্থান ৰয়েলছ, পঞ্জাব কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছেও তেওঁৰ বাবে নিবিদা দিছিল । কিন্তু শেষত গুজৰাটে জয়লাভ কৰে ।