আই পি এল ২০২৫ত আজি পঞ্জাব কিংছ (পি বি কে এছ) আৰু চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ মাজত অনুষ্ঠিত হোৱা খেলখনত চি এছ কে দলে একেৰাহে চতুৰ্থবাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হয় । এই খেলখন নিউ চণ্ডীগড় (মুল্লানপুৰ)ৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল । য’ত পঞ্জাব কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । প্ৰিয়ংশ আৰ্যৰ বিস্ফোৰক শতকৰ সহায়ত পঞ্জাবে চি এছ কেক ২২০ ৰানৰ লক্ষ্য বান্ধি দিছিল । ইয়াৰ প্ৰত্যুত্তৰত চেন্নাই দলে ২০১ ৰানতে ইনিংছ সমাপ্ত কৰিবলৈ বাধ্য হয় । লগে লগে পঞ্জাৱ দলে ১৮ ৰানত এই মেচখনত জয়লাভ কৰে ।
চেন্নাইৰ বেটিং-
২২০ ৰানৰ লক্ষ্যৰ প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে শক্তিশালী আৰম্ভণি কৰে । ৰাচিন ৰবিন্দ্ৰই ৩৬ ৰান সংগ্ৰহ কৰে যদিও গাইকোৱাদ ব্যৰ্থ হয় । সপ্তম অভাৰত আউট হয় ৰাচিন ৰবীন্দ্ৰ । ইয়াৰ পিছত গাইকৱাদ এক ৰান সংগ্ৰহ কৰি আউট হয় । ইয়াৰ পিছত কনৱে আৰু শিৱম ডুবেৰ মাজত ভাল অংশীদাৰিত্ব গঢ় লৈ উঠে । কনৱেইও পঞ্চাশ ৰান কৰে । ডুবে আউট হোৱাৰ পিছত ধোনীয়ে বেটিং কৰিবলৈ আহে । ধোনীয়ে ১২টা বলত ২৭ ৰান সংগ্ৰহ কৰে । কিন্তু চেন্নাইক জয়ী কৰাত ব্যৰ্থ হয় ধোনী । চেন্নাই দলে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেট হেৰুৱাই মাত্ৰ ২০১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।
পঞ্জাৱৰ ইনিংছ-
টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ অহা পঞ্জাৱৰ আৰম্ভণি ভাল নাছিল । দ্বিতীয় অভাৰত মুকেশ চৌধাৰীয়ে আউট কৰে প্ৰভসীমৰণ সিঙক । প্ৰভসিমৰনে একাউণ্ট খোলাতো ব্যৰ্থ হয় । ইয়াৰ পিছত তৃতীয় অভাৰত আয়াৰো পেভিলিয়নমুখী হয় । তেওঁৰ বেটৰ পৰা মাত্ৰ ৯ ৰানহে আহে । মাৰ্কাছ ষ্টয়নিছেও ভাল প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় । ইয়াৰ পাছতে অশ্বিনে একেটা অভাৰতে নেহাল বাধেৰা আৰু গ্লেন মেক্সৱেলক আউট কৰে । কিন্তু এটা মূৰত প্ৰিয়ংশ আৰ্যই উজ্জ্বল বেটিং কৰি মাত্ৰ ৩৯টা বলত শতক অৰ্জন কৰি দলক বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰে । একে সময়তে শশাংক সিঙেও বিস্ফোৰক বেটিং কৰে । ইয়াৰ বাবেই পঞ্জাবে চেন্নাই ছুপাৰ কিংছৰ সন্মুখত ২২০ ৰানৰ লক্ষ্য স্থিৰ কৰে ।
চলিত ছিজনত পঞ্জাব কিংছে তিনিখন খেলৰ ভিতৰত দুখন মেচত জয়লাভ কৰাৰ বিপৰীতে চি এছ কেয়ে চাৰিখন মেচৰ ভিতৰত মাত্ৰ এখন খেলত জয়লাভ কৰিছে । এই ছিজনত লক্ষ্য অনুসৰণ কৰি পৰাজয়ৰ হেট্ৰিক সম্পূৰ্ণ কৰিছে চি এছ কেয়ে ।