পঞ্চায়ত নিৰ্বাচনক লৈ আহিছে এটা ডাঙৰ খবৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰিছে নিৰ্দেশনা।আজিও পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰিৰ বাবে অনুমতি নাপালে চৰকাৰে।
গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশনা অনুসৰি ১০ জানুৱাৰী পৰ্যন্ত ঘোষণা নহয় পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। প্ৰায় ৫.৩০ ঘণ্টা জোৰা শুনানিৰ অন্তত আজিও ৰায়দান নকৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
নিৰ্বাচন স্থগিতাদেশৰ নিৰ্দেশ সংশোধনীৰ বাবে জনোৱা আবেদন গ্ৰাহ্য নকৰিলে উচ্চ ন্যায়ালয়ে। ১০ জানুৱাৰীত পুনৰ আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শুনানি। ন্যায়ালয়ৰ ৰায়ৰ ওপৰতে এতিয়া নিৰ্ভৰ কৰিব পঞ্চায়ত নিৰ্বাচনৰ দিন ।