জামিন নাকচ পৱন খেড়াৰ; যিকোনো মূহুৰ্ততে হ’ব পাৰে গ্ৰেপ্তাৰ

অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়টো মুখথেকেচা খালে পৱন খেড়াই। পৱন খেড়াৰ জামিন নাকচ কৰিলে আদালতে।

গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰীম জামিন। গুৱাহাটী উচ্চ ন্যায়ালয়টো মুখথেকেচা খালে পৱন খেড়াই। ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতে নাকচ কৰিলে জামিন।

আদালতে জামিন নাকচ কৰাৰ লগে লগে এতিয়া যিকোনো মূহুৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া।ৰিণিকি ভূঞা শৰ্মাই পৱন খেড়াৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ। জ্যেষ্ঠ অধিবক্তা অভিশেষ মন সিংভিয়ে পৱন খেড়াৰ হৈ আদালতত যুক্তি দিছিল। আনহাতে চৰকাৰৰ হৈ যুক্তি দৰ্শাইছিল দেৱজিৎ লন শইকীয়াই।  

লগতে পঢ়ক: বংগৰ নিৰ্বাচনৰ মাজতে হুগলী নদীত নৌকা বিহাৰ প্ৰধানমন্ত্ৰী মোদীৰ…  

ৰণবীৰ এলাহাবাদিয়াৰ পিছত আশীষ চঞ্চলানীলৈ সকাহ, অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

‘ইণ্ডিয়াজ গট লেটেণ্ট’ত কৰা অশ্লীল মন্তব্যক লৈ সৃষ্টি হোৱা বিতৰ্কত ডাঙৰ সকাহ পাইছে ইউটিউবাৰ আশীষ চঞ্চলানীয়ে । অসম আৰক্ষীয়ে আশীষৰ বিৰুদ্ধে ৰুজু কৰা এফ আই আৰ সন্দৰ্ভত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন প্ৰত্যাশামূলক জামিন সুৰক্ষা প্ৰদান কৰে ইউটিউবাৰগৰাকীক ।

যদিও আশীষ চঞ্চলানীয়ে গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন অগ্ৰিম জামিন লাভ কৰিছে, ন্যায়াধীশ মৃদুল কুমাৰ কলিতাৰ বিচাৰপীঠে চঞ্চলানীক ১০ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে । গোচৰৰ চূড়ান্ত শুনানিৰ দিন হিচাপে ৭ মাৰ্চ নিৰ্ধাৰণ কৰা হৈছে । একক ন্যায়াধীশগৰাকীয়ে এই বিষয়ত গোচৰৰ ডায়েৰীও বিচাৰিছে ।

আশীষ চঞ্চলানীৰ অন্তৱৰ্তীকালীন অগ্ৰিম জামিন-

লক্ষণীয় যে আলোক বৰাৰ অভিযোগৰ ভিত্তিত পঞ্জীয়ন কৰা এজাহাৰখনত অভিযোগ কৰা হৈছে যে চঞ্চলানি, জছপ্ৰীত সিং, অপূৰ্বা মাখিজা, ৰণবীৰ এলাহাবাদিয়া, সময় ৰাইনা আৰু অন্যান্যসকলে অনুষ্ঠানটোত অশ্লীলতাৰ প্ৰচাৰ কৰিছিল । উচ্চ ন্যায়ালয়ৰ সন্মুখত চঞ্চলানীক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা দিগন্ত দাস আৰু অধিবক্তা জয়ৰাজ বৰাই তেওঁৰ গোচৰ উপস্থাপন কৰি কয় যে ‘চঞ্চলানি নিৰ্দোষ কিয়নো তেওঁ এজাহাৰত উল্লেখ কৰা কোনো মন্তব্য কৰা নাছিল ।’

তেওঁ কয় যে যিটো মন্তব্যক লৈ এই সকলো হুলস্থুল চলি আছে, সেই মন্তব্য ‘ইণ্ডিয়াছ গট লেটেণ্ট’ৰ সেই খণ্ডটোত চঞ্চলানীৰ সহ-পেনেলিষ্ট ৰণবীৰ এলাহাবাদিয়াই দিছিল । ইয়াত আশীষৰ কোনো ভূমিকা নাছিল । সেই খণ্ডটোৰ সম্পাদনা বা পোষ্ট প্ৰডাকচনত তেওঁৰ কোনো ভূমিকা, কৰ্তৃত্ব বা জড়িত নাছিল । চঞ্চলানীৰ অধিবক্তাসকলেও কয় যে তেওঁ আন পেনেলিষ্টৰ এনে কোনো মন্তব্যক কোনো ধৰণে সমৰ্থন বা অৰিহণা যোগোৱা নাছিল ।

গ্ৰেপ্তাৰৰ পৰা সকাহ পালে ৰণবীৰ এলাহাবাদীয়াই-

আজি ৰণবীৰ এলাহাবাদিয়াৰ আবেদনৰ শুনানিও উচ্চতম ন্যায়ালয়ত গ্ৰহণ কৰা হয় য’ত তেওঁ চৰ্তসহ গ্ৰেপ্তাৰৰ পৰা সকাহ লাভ কৰে । চৰ্তত উল্লেখ আছে যে তদন্তত সহযোগ কৰিব লাগিব ৰণবীৰে । যেতিয়াই আৰক্ষীয়ে তেওঁলোকক সোধা-পোছাৰ বাবে ফোন কৰে তেতিয়াই তেওঁলোক উপস্থিত থাকিব লাগিব । জেৰাৰ সময়ত অধিবক্তাজনক থানাৰ ভিতৰত থাকিবলৈ দিয়া নহ’ব । ৰণবীৰে থানাত পাছপ’ৰ্ট জমা দিব লাগিব । আদালতৰ অনুমতি অবিহনে তেওঁ দেশৰ বাহিৰলৈ যাব নোৱাৰে । উচ্চতম ন্যায়ালয়ে এলাহাবাদীয়াৰ আবেদনৰ ওপৰত এই জাননী জাৰি কৰে ।

কাৰাগাৰেই হ’ব নেকি ঠিকনা ; চুমি বৰা আৰু বিশাল ফুকনৰ জামিন আবেদন নাকচ আদালতৰ

বিপদে ল’গ নেৰা হৈছে চুমি-তাৰ্কিকক। পুনৰ মুখ থেকেচা খালে চুমি, তাৰ্কিক আৰু বিশাল ফুকনে। উচ্চ ন্যায়ালয়ে নাকচ কৰিলে জামিন আবেদন। বৰবৰুৱা আৰক্ষী থানাৰ ৮৫/ ২০২৪ নম্বৰৰ গোচৰৰ আজি শুনানি আছিল।

কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে জামিন আবেদন। সম্প্ৰতি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে আছে তিনিও।

পূৰ্বে ডিব্ৰুগড় থানাত ৰুজু হোৱা গোচৰত জামিন আবেদন নাকচ হৈছিল চুমি বৰাৰ। ট্ৰেডিং কেলেংকাৰীৰ বাবে তিনিও বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।

পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ ; ১০ জানুৱাৰী পৰ্যন্ত নহয় অধিসূচনা জাৰী

পঞ্চায়ত নিৰ্বাচনক লৈ আহিছে এটা ডাঙৰ খবৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰিছে নিৰ্দেশনা।আজিও পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰিৰ বাবে অনুমতি নাপালে চৰকাৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশনা অনুসৰি ১০ জানুৱাৰী পৰ্যন্ত ঘোষণা নহয় পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। প্ৰায় ৫.৩০ ঘণ্টা জোৰা শুনানিৰ অন্তত আজিও ৰায়দান নকৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

নিৰ্বাচন স্থগিতাদেশৰ নিৰ্দেশ সংশোধনীৰ বাবে জনোৱা আবেদন গ্ৰাহ্য নকৰিলে উচ্চ ন্যায়ালয়ে। ১০ জানুৱাৰীত পুনৰ আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শুনানি। ন্যায়ালয়ৰ ৰায়ৰ ওপৰতে এতিয়া নিৰ্ভৰ কৰিব পঞ্চায়ত নিৰ্বাচনৰ দিন ।