১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰা ৩.০ৰ জৰিয়তে আপুনি কৰিব পাৰিব মাটি-বাৰীৰ কাম-কাজ । বসুন্ধৰা ১.০ আৰু ২.০ৰ পিছত ৰাজ্য চৰকাৰ এইবাৰ সাজু হৈছে ৩.০ ৰ বাবে । বসুন্ধৰা ৩.০ত পুনৰীক্ষণ কৰা হ’ব পূৰ্বে বাতিল হোৱা বহু আবেদন পত্ৰ ।
পূৰ্বৰ তুলনাত বসুন্ধৰা ৩.০ ত অনা হৈছে বহু শিঠিলতা । বসুন্ধৰা ২.০ ত নাকচ হোৱা আবেদনকাৰীয়ে পুনৰ কৰিব পাৰিব আবেদন । মিছন বসুন্ধৰা ৩.০ জৰিয়তে নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰা হ’ব মাটি-বাৰী সম্পৰ্কীয় সকলো কাম-কাজ ।
বসুন্ধৰা ৩.০ জৰিয়তে শিক্ষানুষ্ঠান,কলেজ, নামঘৰ আদিয়েও লাভ কৰিব মাটিৰ পট্টা । লগতে ৰাজ্যত এতিয়াৰে পৰা নোহোৱা হ’ব একচনীয়া মাটি । একচনীয়া মাটিৰ গৰাকীয়েও লাভ কৰিব মাটিৰ পট্টা ।
নামজাৰী, বাটোৱাৰা আদিৰ কাম সম্পূৰ্ণ অনলাইনযোগে আবেদন কৰিব লাগিব । অনলাইনত আবেদন কৰাৰ পিছতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পন্ন কৰা হ’ব ভূমি সংক্ৰান্তীয় কাম-কাজ ।
আনহাতে খাজানা লোৱা সন্দৰ্ভতো চৰকাৰে দিছে বৃহৎ সকাহ । এতিয়াৰে পৰা অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতে মাটিৰ গৰাকীয়ে দিব পাৰিব খাজানা । এবছৰৰ বাবে এই প্ৰক্ৰিয়া অব্যাহত ৰখাৰ ক্ষেত্ৰত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে ।
উল্লেখ্য যে, ই-খাজানা দিয়াৰ ক্ষেত্ৰত বহু লোক অসুবিধাত পৰালৈ লক্ষ্য ৰাখি পুনৰ দুয়োটা ব্যৱস্থা বাহাল ৰাখিছে চৰকাৰে । ইফালে খাজানা আদায়ৰ ক্ষেত্ৰত ৩০ শতাংশকৈ কমিছন লাভ কৰিব মৌজাদাৰসকলে । ই-খাজনাৰ বাবে মাটিৰগৰাকীয়ে নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক । অনলাইন পদ্ধতিৰেও মৌজাদাৰসকলে খাজনা সংগ্ৰহ কৰিব পাৰিব ।
উল্লেখ্য যে, ৮ অক্টোবৰত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত মিছন বসুন্ধৰা ৩.০ কেন্দ্ৰ কৰি ভূমি সম্পৰ্কীয় এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।