নেটুম্বো নন্দি-নদৈতৱাহ নামিবিয়াৰ নতুন আৰু প্ৰথম মহিলা ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে । মঙলবাৰে নির্বাচন আয়োগে প্রকাশ কৰা আনুষ্ঠানিক ফলাফল অনুসৰি ৭২ বছৰীয়া নন্দি-নদৈতৱাই ৫৭ শতাংশ ভোট লাভ কৰি জয়লাভ কৰে ৷ নন্দীৰ এই বিজয় নিৰ্বাচনী দাবীৰ বিপৰীত, য’ত কোৱা হৈছিল যে তেওঁ হয়তো দ্বিতীয় পৰ্যায়ৰ বাবে যাব লগা হ’ব পাৰে । ইফালে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছত নন্দি-নদৈত্ৱাই কয় যে নামিবিয়াই শান্তি আৰু স্থিতিশীলতাৰ বাবে ভোট দিছে ।
বিৰোধী দলসমূহে এই জয় নাকচ কৰে-
নিৰ্বাচনত কিছু কাৰিকৰী সমস্যা, যেনে বেলট পেপাৰৰ অভাৱ আৰু অন্যান্য বিষয়ৰ বাবে বিৰোধী দলসমূহে এই ফলাফল নাকচ কৰিছে । ইয়াৰ বাবেই নিৰ্বাচনী বিষয়াসকলে শনিবাৰলৈ ভোটদান বৃদ্ধি কৰে । ভোটদানৰ বাবে দীঘলীয়া শাৰীৰ বাবে একাংশ ভোটাৰে ১২ ঘণ্টা অপেক্ষা কৰিবলগীয়া হৈছিল, তাৰ পিছত প্ৰথম দিনাই ভোটদান ত্যাগ কৰিছিল । এই ক্ষেত্ৰত বিৰোধী দলসমূহে ভোটদানৰ সময়সীমা বৃদ্ধি কৰাটো অবৈধ বুলি কয় আৰু তেওঁলোকে আদালতত ফলাফলক প্ৰত্যাহ্বান জনোৱাৰ ইংগিত দিছে ।