ৱায়ানাড লোকসভা উপ-নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ বিৰুদ্ধে বিজেপিয়ে এক ডাঙৰ অভিযোগ উত্থাপন কৰিছে । বিজেপিয়ে কয় যে প্ৰিয়ংকা গান্ধীয়ে তেওঁৰ নিৰ্বাচনী শপতনামাত তেওঁৰ আৰু তেওঁৰ স্বামী ৰবাৰ্ট ভদ্ৰাৰ সম্পত্তি সম্পূৰ্ণৰূপে প্ৰকাশ কৰা নাই । বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ ভাটিয়াই কয় যে প্ৰিয়ংকা গান্ধীয়ে তেওঁৰ আৰু তেওঁৰ স্বামীৰ সম্পত্তি লুকুৱাই উচ্চতম ন্যায়ালয়ৰ আদেশ উলংঘা কৰিছে ।
গান্ধী পৰিয়াল আইনৰ উৰ্ধত নহয়-
বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ ভাটিয়াই কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ সকলোৰে বাবে প্ৰযোজ্য । গান্ধী পৰিয়াল আইনৰ উৰ্ধত নহয় । যদি কোনোবাই শপতনামাত মিছা তথ্য দিয়ে, তেন্তে তেওঁৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো অধিকাৰ নাই । তেওঁ কয় যে প্ৰিয়ংকা গান্ধীৰ শপতনামাত কিছুমান ট্ৰাষ্টৰ জৰিয়তে এছ’চিয়েটেড জাৰ্নেলৰ শ্বেয়াৰৰ মালিকীস্বত্বৰ কোনো উল্লেখ নাই । এইটো তথ্য প্ৰকাশ নকৰাৰ সমান ।
কোম্পানীবোৰৰ শ্বেয়াৰ প্ৰকাশ কৰা নাই-
গৌৰৱ ভাটিয়াই অভিযোগ কৰে যে ৰবাৰ্ট ভদ্ৰাৰ তিনিটা কোম্পানীৰ কথা শপতনামাত উল্লেখ কৰা হৈছে । আন দুটা কোম্পানীত তেওঁৰ অংশৰ বিষয়ে কোনো তথ্য দিয়া হোৱা নাছিল । তেওঁ নথিপত্ৰৰ ভিত্তিত এই অভিযোগ উত্থাপন কৰা বুলি উল্লেখ কৰে । তেওঁ কয় যে কংগ্ৰেছে আইন মানি চলিব লাগিব । বিজেপিয়ে এই সন্দৰ্ভত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব, কাৰণ তেওঁলোকে সংবিধান মানি চলে । তেওঁ অভিযোগ কৰে যে গান্ধী পৰিয়ালে ভাবে যে তেওঁলোকে আইনক আওকাণ কৰি মানুহক মূৰ্খ সজাব পাৰিব । তেওঁ কয় যে এনে ভ্ৰম কোনেও আশ্ৰয় দিব নালাগে ।
১৩ নৱেম্বৰত ৱায়ানাডত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন-
১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ৱায়ানাড লোকসভাৰ আসনৰ উপ-নিৰ্বাচন । বুধবাৰে ৱায়ানাদ আসনৰ পৰা মনোনয়ন দাখিল কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে । প্ৰিয়ংকাই শপতনামাত উল্লেখ কৰিছে যে তেওঁৰ হাতত এক কোটিৰো অধিক মূল্যৰ গহনা আছে । শপতনামা অনুসৰি প্ৰিয়ংকাৰ বিৰুদ্ধে তিনিটা গোচৰ ৰুজু হৈছে । ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৱায়ানাডৰ লগতে ৰায়বৰেলীৰ আসনৰ পৰা জয়ী হোৱা ৰাহুল গান্ধীয়ে পদত্যাগ কৰাৰ লগে লগে ৱায়ানাডৰ আসনখন খালী হৈ পৰিছে । অৱশ্যে ৰাহুলে ৰায়বৰেলী আসনখন অক্ষুণ্ণ ৰাখি ৱায়ানাড আসনৰ পৰা পদত্যাগ কৰে ।