স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰায়ে সঠিক ওজন বজাই ৰখাৰ পৰামৰ্শ দিয়ে কিয়নো মেদবহুলতাই বহুতো গুৰুতৰ আৰু জীৱনৰ বাবে বিপদজনক ৰোগক আমন্ত্ৰণ কৰে। এইকাৰণেই সময়মতে দেহৰ বৰ্ধিত ওজন নিয়ন্ত্ৰণ কৰিব লাগে। শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বি নোহোৱা কৰিবলৈ ব্যায়াম অতি গুৰুত্বপূৰ্ণ।কিন্তু আহাৰত কিছুমান বস্তু অন্তৰ্ভুক্ত কৰি, ওজন হ্ৰাস কৰা যাত্ৰা যথেষ্ট পৰিমাণে সহজ কৰিব পাৰে।কি কি খাব লাগে জানো আহক—
পদিনাৰ পানী-
পদিনাত পোৱা সকলো উপাদানে আপোনাৰ বিপাক বৃদ্ধি কৰিব পাৰে।ইয়াৰ উপৰিও, পদিনাৰ পানী খাই আপোনাৰ স্বাস্থ্যউন্নত কৰিব পাৰি।

ইয়াৰ বাবে পদিনাৰ পাত লৈ উতলাই লওক।এতিয়া আপুনি এই পানীখিনি চেকি লৈ ইয়াক সেৱন কৰিব।উন্নত ফলাফল লাভ কৰিবলৈ নিয়মীয়াকৈ পদিনাৰ পানী খাওক।
আদাৰ পানী—
অতিতৰে পৰাই আদাক স্বাস্থ্যৰ বাবে এক আশীৰ্বাদ বুলি গণ্য কৰা হয়। কিন্তু আপুনি জানেনে যে আদাৰ পানীয়ে আপোনাৰ ওজন হ্ৰাস কৰা যাত্ৰা সহজ কৰি তুলিব পাৰে?

ইয়াৰ বাবে আদাৰ সৰু টুকুৰা কৰি পানীত দি ইয়াক ভালকৈ উতলাওক। ইয়াৰ পিছত এই পানীখিনি চেকি লৈ ইয়াক সেৱন কৰক।বহু ঔষধি গুণাগুণেৰে সমৃদ্ধ আদা পানী, ওজন হ্ৰাস কৰাৰ লগতে দেহৰ বিভিন্ন অংশৰ বাবেও উপকাৰী।
নেমুৰ পানী—
কুহুমিয়া পানীত নেমু দি খালে পেটৰ চৰ্বী শীঘ্ৰেই নোহোৱা হয়।

নেমু পানীয়ে আপোনাৰ বিপাকৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট পৰিমাণে বৃদ্ধি কৰিব পাৰে। ইয়াৰ উপৰিও, নেমু পানীয়ে পেট সম্পৰ্কীয় সমস্যাৰ পৰাও দিব পাৰে।
(এই প্ৰবন্ধটো সাধাৰণ তথ্যৰ বাবে, অনুগ্ৰহ কৰি যিকোনো প্ৰতিকাৰ গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওঁক)