বৰ্তমানৰ ব্যস্ত জীৱনত ভাল টোপনি এটা প্ৰত্যাহ্বান হৈ পৰিছে । টোপনিৰ অভাৱে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায় । বহুতে গোটেই ৰাতিটো ভালদৰে টোপনি মাৰিব নোৱাৰি বাগৰ সলাই থাকে আৰু পুৱা সাৰ পাই ভাগৰুৱা অনুভৱ কৰে । কিন্তু কিছুমান সহজ ব্যৱস্থা গ্ৰহণ কৰিলে ৰাতি ভালদৰে টোপনি যাব পাৰি আৰু পুৱা সোনকালে সাৰ পোৱা যায় । গতিকে ইয়াত আমি আপোনালোকক এনে কিছুমান ফলপ্ৰসূ উপায়ৰ বিষয়ে ক’ম যাৰ দ্বাৰা আপুনি আপোনাৰ টোপনিৰ মান উন্নত কৰিব পাৰে ।
ভাল টোপনি কিয় গুৰুত্বপূৰ্ণ ?
আমাৰ স্বাস্থ্যৰ বাবে ভাল টোপনি খাদ্য আৰু পানীৰ দৰেই গুৰুত্বপূৰ্ণ । টোপনিৰ সময়ত আমাৰ শৰীৰ আৰু মনটোৱে নিজেই জিৰণি লয় আৰু পিছদিনাখনৰ বাবে প্ৰস্তুতি চলায় । পৰ্যাপ্ত পৰিমাণে টোপনি গ’লে আমাৰ একাগ্ৰতা, স্মৃতিশক্তি আৰু মেজাজ উন্নত হয় । ইয়াৰ উপৰিও ই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতাও বৃদ্ধি কৰে ।
ভাল টোপনিৰ বাবে কি কৰিব ?
নিয়মীয়া সময়ত টোপনি আৰু সাৰ পোৱা : প্ৰতিদিনে একে সময়তে শোৱা আৰু সাৰ পোৱাৰ অভ্যাস গঢ়ি তোলক । ইয়াৰ ফলত আপোনাৰ শৰীৰৰ টোপনিৰ চক্ৰ নিয়মীয়া হ’ব ।
শোৱাৰ পূৰ্বে শান্ত পৰিৱেশ সৃষ্টি কৰক : শোৱাৰ পূৰ্বে কোঠাটো আন্ধাৰ কৰক, শব্দ কম কৰক আৰু আৰামদায়ক উষ্ণতা ৰাখক ।
ইলেক্ট্ৰনিক যন্ত্ৰৰ পৰা আঁতৰি থাকক : শুবলৈ যোৱাৰ এঘণ্টা পূৰ্বে মোবাইল, লেপটপ আৰু টিভিৰ দৰে ইলেক্ট্ৰনিক যন্ত্ৰ ব্যৱহাৰ নকৰিব ।
লঘু আহাৰ গ্ৰহণ কৰক : ৰাতি গধুৰ আহাৰ খোৱাৰ পৰা বিৰত থাকক । শুবলৈ যোৱাৰ দুই-তিনি ঘণ্টা আগতে লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে ।
ব্যায়াম : নিয়মিত ব্যায়াম কৰিলে টোপনিৰ মান উন্নত হয় । কিন্তু, শুবলৈ যোৱাৰ ঠিক পূৰ্বে ব্যায়াম নকৰিব ।
মানসিক চাপ হ্ৰাস কৰক : মানসিক চাপ কম কৰিবলৈ আপুনি যোগাসন, ধ্যান বা সংগীত শুনিব পাৰে ।
কেফেইন আৰু এলক’হল পৰিহাৰ কৰক : শুবলৈ যোৱাৰ আগতে কেফেইন আৰু এলক’হল সেৱন নকৰিব ।
পুৱা কেনেকৈ সোনকালে সাৰ পাব ?
যথেষ্ট টোপনি লওক : পৰ্যাপ্ত পৰিমাণে টোপনি পালে পুৱা স্বয়ংক্ৰিয়ভাৱে সাৰ পাব ।
এলাৰ্ম ব্যৱহাৰ নকৰিব : এলাৰ্ম ব্যৱহাৰ নকৰিব । ইয়াৰ ফলত আপোনাৰ টোপনি বিঘ্নিত হয় আৰু ভাগৰুৱা অনুভৱ হয় ।
সূৰ্য্যৰ পোহৰত সাৰ পাওক : ৰাতিপুৱা সাৰ পোৱাৰ পিছত কিছু সময় সূৰ্যৰ পোহৰত বহিব লাগে । ইয়াৰ ফলত আপোনাৰ শৰীৰে গম পাব যে উঠিবলৈ সময় আহি পৰিছে ।
(পৰামৰ্শকে ধৰি এই বিষয়বস্তুৱে কেৱল সাধাৰণ তথ্যহে প্ৰদান কৰে । ই কোনো কাৰণতে যোগ্য চিকিৎসা মতামতৰ বিকল্প নহয় । অধিক তথ্যৰ বাবে সদায় বিশেষজ্ঞ বা আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওক ।)