হোজাইত সংঘটিত হৈছে এক কৰুণ ঘটনা । নিশা ভাওনা চোৱাৰ বাবে গৰৈমাৰিৰ পৰা ২ নং তৰাডুবি লক্ষ্মী নাৰায়ণ নামঘৰলৈ নৌকাৰে গৈ আছিল প্ৰায় শিশু মহিলা পুৰুষৰ সহ ১০ জন লোক।কঁপিলী পাৰ হোৱাৰ সময়তেই দুৰ্ঘটনাত পতিত হয় নাওঁখন । দুৰ্ঘটনাটোত ৮জন ৰক্ষা পৰিল যদিও ২বছৰীয়া অনুৰাগ বৰ্মন আৰু ৩ বছৰীয়া শিবা বৰ্মন পানীত ডুব যায় । প্ৰশাসনৰ লোকক খবৰ দিয়া হয় যদিওবহু সময়ৰ পিছত হে প্ৰশাসন আৰু SDRF উপস্থিত হয।শুকুৰবাৰৰ পুৱা স্থানীয় লোকে শিবা বৰ্মন নামৰ শিশুটিক কঁপিলীত ওপঙি থকাৰ অৱস্থাত প্ৰত্যক্ষ কৰে। কিন্তু অনুৰাগ বৰ্মন নামৰ শিশুটিৰ এইপৰ্যন্তলৈতে কোনো সন্ধান পোৱা নাই ।
