আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে ভাল টোপনি অতি প্ৰয়োজনীয় । কিন্তু বৰ্তমানৰ দ্ৰুত গতিৰ জীৱনশৈলী, বৰ্ধিত মানসিক চাপ আৰু ভুল অভ্যাসে টোপনিৰ ওপৰত প্ৰভাৱ পেলাইছে । ৰাতি টোপনি নাহিলে আৰু বেছি সময় সাৰে থাকিলে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে । আমি সকলোৱে জানো যে শৰীৰৰ বেছিভাগ ৰোগ টোপনিৰ অভাৱৰ বাবেই হয় । পেটৰ সমস্যা হওক বা মানসিক চাপ হওক টোপনিৰ অভাৱত বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয় । ইয়াত আমি আপোনাক ৩টা সহজ সমাধান ক’ম, যিবোৰ গ্ৰহণ কৰিলে আপোনাৰ টোপনি ভাল হ’ব আৰু আপোনাৰ শৰীৰ আৰু মনটোৱে আৰাম অনুভৱ কৰিব ।
ভাল টোপনি অহাৰ সহজ উপায়-
-শুবলৈ যোৱাৰ পূৰ্বে ডিজিটেল ডিভাইচ ব্যৱহাৰ কৰা বন্ধ কৰকঃ
মোবাইল ফোন, লেপটপ, টেলিভিছন আদি ডিজিটেল ডিভাইচৰ পৰা নিৰ্গত হোৱা নীলা পোহৰে আমাৰ মগজু সক্ৰিয় কৰি ৰাখে । ই মেলাটনিন নামৰ হৰম’নৰ উৎপাদনত ব্যাঘাত জন্মাব পাৰে ।
কি কৰিব লাগে :
-নিশা ৮ বজাৰ পিছত ডিজিটেল ডিভাইচৰ ব্যৱহাৰ হ্ৰাস কৰক ।
-শুবলৈ যোৱাৰ ১ ঘণ্টা পূৰ্বে আপোনাৰ ফোন আৰু লেপটপ সম্পূৰ্ণৰূপে বন্ধ কৰক ।
-কিতাপ পঢ়ক বা ধ্যান অভ্যাস কৰক ।
শোৱাৰ বাবে ৰুটিন বনাওকঃ
অনিয়মিত টোপনি আৰু জাগৰণৰ সময়ে শৰীৰৰ প্ৰাকৃতিক ঘড়ী (জৈৱিক ঘড়ী)ৰ ভাৰসাম্যহীন কৰি তুলিব পাৰে । শৰীৰে নিয়মিততা ভাল পায়, গতিকে প্ৰতিদিনে একে সময়তে শোৱা আৰু সাৰ পোৱাটো অভ্যাস কৰি লওক ।
কি কৰিব লাগে :
-ছুটিৰ দিনেই হওক বা কৰ্মদিনেই হওক প্ৰতিদিনে একে সময়তে শুবলৈ চেষ্টা কৰক ।
-শুবলে যোৱাৰ পূৰ্বে এটা জিৰণি লোৱা ৰুটিন তৈয়াৰ কৰক, যেনে কোমল সংগীত শুনা বা গৰম গাখীৰ খোৱা ।
-কোঠাটোত লাইট ম্লান কৰি ৰাখক আৰু শান্ত পৰিৱেশ সৃষ্টি কৰক ।
শুবলৈ যোৱাৰ পূৰ্বে সঠিক খাদ্য গ্ৰহণ কৰক-
ৰাতি গধুৰ খাদ্য, কেফেইন বা সুৰাপান কৰিসে আপোনাৰ টোপনি ব্যাঘাত জন্মিব পাৰে । বিশেষকৈ কেফেইনে আপোনাৰ টোপনিত যথেষ্ট প্ৰভাৱ পেলায় ।
কি কৰিব লাগে :
-শুবলৈ যোৱাৰ কমেও ২ ঘণ্টা আগতে ৰাতিৰ আহাৰ খাব লাগে ।
-ৰাতি কেফেইন (যেনে চাহ, কফি) আৰু সুৰাপান কৰিব নালাগে ।
-শুবলৈ যোৱাৰ পূৰ্বে কুহুমীয়া গাখীৰ খাব লাগে বা কল খাব লাগে । এইবোৰে স্বাভাৱিকভাৱে টোপনি অনাত কৰাত সহায় কৰে ।
লগতে এইবোৰ কথা মনত ৰাখিব :
-প্ৰতিদিনে ২০-৩০ মিনিট ব্যায়াম কৰক, কিন্তু শুবলৈ যোৱাৰ ৩-৪ ঘণ্টা পূৰ্বে ব্যায়াম কৰক ।
-ধ্যান আৰু গভীৰ উশাহ লোৱাৰ কৌশলৰ অভ্যাস কৰক ।
-অতিমাত্ৰা চিন্তাৰ পৰা বিৰত থাকক কিয়নো ইয়েই অনিদ্ৰাৰ মূল কাৰণ হ’ব পাৰে ।
(পৰামৰ্শকে ধৰি এই বিষয়বস্তুৱে কেৱল সাধাৰণ তথ্যহে প্ৰদান কৰে । ই কোনো কাৰণতে যোগ্য চিকিৎসা মতামতৰ বিকল্প নহয় । অধিক তথ্যৰ বাবে সদায় বিশেষজ্ঞ বা আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওক ।)