ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে নিউজীলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ০-৩ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হয় । মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত দুয়োটা দলৰ মাজত অনুষ্ঠিত টেষ্ট শৃংখলাৰ অন্তিমখন খেলত ভাৰতীয় দলটোৱে ২৫ ৰানত পৰাজয় স্বীকাৰ কৰে । ভাৰতীয় দলটোৱে জয়ী হ’বলৈ মাত্ৰ ১৪৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিছিল যদিও পুনৰবাৰ ভাৰতীয় দলৰ শীৰ্ষ অৰ্ডাৰ ব্যৰ্থ হয় ।
কেৱল উইকেটকীপাৰ বেটছমেন ঋষভ পন্টেহে ক্ৰীজত কিছু সময় তিষ্ঠি থাকিবলৈ সক্ষম হৈছিল আৰু তেওঁ ৬৪ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে । নিউজীলেণ্ডৰ জয়ৰ নায়ক বাওঁহাতীয়া স্পীনাৰ এজাজ পেটেলে খেলখনত মুঠ ১১টা উইকেট দখল কৰে । এজাজ পেটেল ‘প্লেয়াৰ অৱ দ্য মেচ’ নিৰ্বাচিত হোৱাৰ বিপৰীতে উইল ইয়ঙ ‘প্লেয়াৰ অৱ দ্য ছিৰিজ’ নিৰ্বাচিত হয় । ইফালে 0-৩ ব্যৱধানত পৰাস্ত হৈ ভাৰতীয় দলটোৱে কিছু লজ্জাজনক অভিলেখ গঢ়িলে…
-টেষ্ট ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলটোৱে ঘৰুৱা মাটিত তিনি বা ততোধিক খেলৰ শৃংখলাত ক্লিন চুইপৰ সন্মুখীন হৈছে ।
-একে সময়তে, ভাৰতীয় দলটোৱে ২৪ বছৰৰ পিছত এখন টেষ্ট শৃংখলাত সকলোবোৰ মেচত পৰাস্ত হয় । অৰ্থাৎ, ২৪ বছৰৰ পিছত, ভাৰতৰ ঘৰৰ মাটিত ক্লীন ছুইপ হয় । ইয়াৰ পূৰ্বে, ২০০০ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখনীয়া খেলৰ টেষ্ট শৃংখলাত ভাৰতীয় দলটো ক্লীন ছুইপৰ সন্মুখীন হ’ব লগা হৈছিল ।
-নিউজীলেণ্ড তিনি বা ততোধিক খেলৰ টেষ্ট শৃংখলাত ভাৰতীয় দলক ক্লীন ছুইপ কৰা চতুৰ্থ দল হৈ পৰিছে । ইয়াৰ পূৰ্বে ইংলেণ্ড (৪), অষ্ট্ৰেলিয়া (৩) আৰু ৱেষ্ট ইণ্ডিজে (এবাৰ) দলসমূহে এই কৃতিত্ব অৰ্জন কৰিছে ।
-টেষ্ট ক্ৰিকেটত এয়া চতুৰ্থবাৰৰ বাবে ঘটে, যেতিয়া ভাৰতীয় দলটোৱে ২০০ তকৈ কম লক্ষ্য অনুসৰণ কৰাত ব্যৰ্থ হয় । একে সময়তে, ঘৰুৱা মাটিত প্ৰথমবাৰৰ বাবে, ভাৰতে সফলতাপূৰ্বকভাৱে ২০০ তকৈ কম লক্ষ্য অনুসৰণ কৰাত ব্যৰ্থ হয় ।
-নিউজীলেণ্ডে প্ৰথমবাৰৰ বাবে এখন টেষ্ট শৃংখলাত তিনিখন মেচ জিকিছে । লগতে, এয়া প্ৰথমবাৰৰ বাবে হৈছে যে, দলটোৱে বিদেশৰ মাটিত একেৰাহে তিনিখন টেষ্ট মেচ জিকিছে ।
যেতিয়া ভাৰতে ২০০ তকৈ কম লক্ষ্য অনুসৰণ কৰিব পৰা নাছিল-
১২০ বনাম ৱেষ্ট ইণ্ডিজ, ব্ৰিজটাউন ১৯৯৭
১৪৭ বনাম নিউজীলেণ্ড, ৱাংখেড়ে ২০২৪
১৭৬ বনাম শ্ৰীলংকা, গালে ২০১৫
১৯৪ বনাম ইংলেণ্ড, এজবাষ্টন ২০১৮
নিউজীলেণ্ডে সফলতাৰে ৰক্ষা কৰা নিম্নতম লক্ষ্য-
১৩৭ বনাম ইংলেণ্ড, ৱেলিংটন ১৯৭৮
১৪৭ বনাম ভাৰত, ৱাংখেড়ে ২০২৪ (এজাজ পেটেল ৬/৫৭)
১৭৬ বনাম পাকিস্তান, আবু ধাবি ২০১৮ (এজাজ পেটেল ৫/৫৯)
২৪১ বনাম অষ্ট্ৰেলিয়া, হোবাৰ্ট ২০১১
২৪৬ বনাম ইংলেণ্ড, দ্য অভেল ১৯৯৯
ভাৰতত টেষ্ট শৃংখলাত নিউজীলেণ্ড দলৰ অভিলেখ-
মুঠ শৃংখলা : ১৩
ভাৰত বিজয়ী : ১০
নিউজিলেণ্ড বিজয়ী: ০১
ড্ৰ : ২
ভাৰত আৰু নিউজীলেণ্ডৰ মাজত সামগ্ৰিক শৃংখলা ৰেকৰ্ড-
মুঠ টেষ্ট শৃংখলা : ২৪
ভাৰত বিজয়ী : ১২
নিউজীলেণ্ড বিজয়ী : ৮
ড্ৰ : ৪
ভাৰতত টেষ্ট মেচত নিউজীলেণ্ড দলৰ অভিলেখ-
মুঠ টেষ্ট মেচ : ৩৯
ভাৰত বিজয়ী : ১৭
নিউজিলেণ্ড বিজয়ী: ৫
ড্ৰ : ১৭
ভাৰত আৰু নিউজীলেণ্ডৰ মাজত সামগ্ৰিক টেষ্ট ৰেকৰ্ড-
মুঠ টেষ্ট মেচ : ৬৫
ভাৰত বিজয়ী : ২২
নিউজীলেণ্ড বিজয়ী : ১৬
ড্ৰ : ২৭