আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰা মহিলাসকলক এদিনৰ বাবে চচিয়েল মিডিয়া একাউণ্ট ‘এক্স’ আৰু ইনষ্টাগ্ৰাম অৰ্পণ কৰিছে । আজি নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত পোষ্ট কৰি লিখিছে, ‘আমি নাৰী দিৱসৰ দিনা মহিলা শক্তিক প্ৰণাম জনাইছো । আমাৰ চৰকাৰে মহিলা সবলীকৰণৰ বাবে সদায় কাম কৰি আহিছে, যিটো আমাৰ আঁচনি আৰু কাৰ্যসূচীত প্ৰতিফলিত হয় । আজি প্ৰতিশ্ৰুতি অনুসৰি মোৰ ছ’চিয়েল মিডিয়া প্ৰপাৰ্টিজ বিভিন্ন ক্ষেত্ৰত নিজৰ নাম উজলাই তোলা মহিলাসকলে চম্ভালিব !’
ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “সকলো জ্ঞানেই হৈছে দেৱীৰ বিভিন্ন ৰূপৰ প্ৰকাশ আৰু পৃথিৱীৰ সকলো নাৰী শক্তিও ইয়াৰ প্ৰতিফলন । আমাৰ সংস্কৃতিত কন্যাৰ প্ৰতি সন্মান সৰ্বোচ্চ । এই শতিকাত মহিলাৰ অংশগ্ৰহণ বিশ্বৰ বৃদ্ধিৰ এক অতি ডাঙৰ কাৰক হ’বলৈ গৈ আছে । দেশ, যিখন সমাজে মহিলাক অধিক অংশগ্ৰহণ দিয়ে, সেইখন দ্ৰুতগতিত বৃদ্ধি পাব । আজি ভাৰতত নাৰী নেতৃত্বৰ বিকাশৰ যুগ ।”
প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয়, “মহিলা হৈছে নীতি, সততা, সিদ্ধান্ত গ্ৰহণ ক্ষমতা আৰু নেতৃত্বৰ প্ৰতিফলন । আজি ভাৰতে নাৰীৰ প্ৰয়োজন আৰু আকাংক্ষাক মনত ৰাখি পৰিকল্পনা আৰু সিদ্ধান্ত গ্ৰহণ কৰিছে । দেশৰ নতুন শক্তিই হৈছে এখন উন্নত ভাৰতৰ সংকল্প সাধনৰ আটাইতকৈ ডাঙৰ নিশ্চয়তা । গতিকে এইবাৰ নাৰী দিৱসত আহক আমি সকলোৱে মিলি অদম্য নাৰী শক্তিক উদযাপন, সন্মান আৰু প্ৰণাম জনাওঁ ।”
উল্লেখ্য যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ‘মন কী বাত’ কাৰ্যসূচীত কৈছিল যে এইবাৰ নাৰী দিৱসত মহিলাই তেওঁৰ ছ’চিয়েল একাউণ্টৰ দায়িত্ব ল’ব । এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ বাবে সকলো উৎসৰ্গা কৰা মহিলাসকলকো স্মৰণ কৰি কয়, “মহিলা দিৱসৰ এই বিশেষ উপলক্ষে মই মোৰ এক্স, ইনষ্টাগ্ৰামৰ দৰে একাউণ্টসমূহ এদিনৰ বাবে দেশৰ একাংশ প্ৰেৰণাদায়ক মহিলাৰ হাতত তুলি দিম । এনেধৰণৰ মহিলাসকলে যিসকলে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে, তেওঁলোকে উদ্ভাৱন কৰিছে, যিসকলে বিভিন্ন ক্ষেত্ৰত নিজৰ বাবে এক সুকীয়া পৰিচয় সৃষ্টি কৰিছে ।”