শিক্ষিত আৰু সৱল মহিলাই হৈছে ৰাষ্ট্ৰৰ প্ৰকৃত স্তম্ভঃ অন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত ৰাষ্ট্ৰপতিৰ শুভেচ্ছা

শিক্ষিত আৰু সৱল নাৰী যিকোনো প্ৰগতিশীল ৰাষ্ট্ৰ মজবুত ভেটি বুলি কয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেওবাৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে শিক্ষিত আৰু সৱল নাৰী যিকোনো প্ৰগতিশীল ৰাষ্ট্ৰ মজবুত ভেটি । টুইটাৰযোগে দিয়া বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে লিখিছে যে যেতিয়া ‘নাৰী শক্তি’য়ে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰে আৰু সাহসেৰে নেতৃত্ব দিয়ে তেতিয়া ই সমাজখনক অধিক সৰ্বাংগীন আৰু সমৃদ্ধিশালী কৰি তোলে ।

ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে- এই শুভক্ষণত আহক আমি এনে এখন সমাজ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰোঁ য’ত প্ৰতিগৰাকী মহিলাই সমান সুযোগ, সন্মান, নিৰাপত্তা আৰু স্বাধীনতা লাভ কৰে । ৰাষ্ট্ৰপতিগৰাকীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে শিক্ষিত আৰু সৱল নাৰী হৈছে এখন ৰাষ্ট্ৰৰ প্ৰগতিৰ প্ৰকৃত ভেটি । নাৰীৰ আকাংক্ষা আৰু কৃতিত্বই এক সম আৰু ন্যায়সংগত ভৱিষ্যত গঢ় দিব পৰা পৰিৱেশ গঢ়ি তুলিবলৈ সকলোকে একেলগে কাম কৰিবলৈ আহ্বান জনায় তেওঁ ।

লগতে পঢ়ক : অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; ১৩ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছচিয়েল মিডিয়া

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস…জানক এই দিৱসৰ আকৰ্ষণীয় ইতিহাস আৰু এইবাৰৰ বিষয়বস্তু

নতুন যুগত নাৰীক সমান মৰ্যাদা প্ৰদান আৰু বিশেষ অনুভৱ কৰাবলৈ প্ৰতি বছৰে ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস (International Women’s Day) উদযাপন কৰা হয় । এই দিনটো প্ৰতিগৰাকী মহিলাৰ বাবে বিশেষ, কাৰণ এই দিনটোত তেওঁলোকৰ সম-অধিকাৰ আৰু সবলীকৰণ নিশ্চিত কৰাৰ প্ৰয়াসত সমগ্ৰ বিশ্বতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় ।

আমাৰ দেশত মাতৃ শক্তিক সদায় পূজা কৰা হয় । এনে পৰিস্থিতিত ভাৰতৰ সমান্তৰালকৈ বিশ্বৰ চুকে-কোণে নাৰী আৰু তেওঁলোকৰ অধিকাৰ সম্পৰ্কীয় বিষয়বোৰ চৰ্চিত হয়, কিন্তু কোনে প্ৰথমে নাৰী দিৱস উদযাপন কৰিছিল আৰু ক’ত উদযাপন কৰা হৈছিল জানেনে ? জানক নাৰী দিৱসৰ ইতিহাস আৰু লগতে এই বছৰ অৰ্থাৎ ২০২৫ চনৰ নাৰী দিৱসৰ বিষয়বস্তুৰ বিষয়ে ।

ক’ত কেতিয়া প্ৰথম নাৰী দিৱস উদযাপন কৰা হৈছিল-

-কোৱা হয় যে ১৯০৯ চনত প্ৰথম নাৰী দিৱস উদযাপন কৰা হৈছিল ।

-২৮ ফেব্ৰুৱাৰীত ছ’চিয়েলিষ্ট পাৰ্টি অৱ আমেৰিকাই মহিলা দিৱস উদযাপন কৰি নাৰীক সন্মান জনাইছিল ।

সেই সময়ত আমেৰিকা আৰু ইউৰোপত শ্ৰমিক আন্দোলন চলি আছিল ।

-এনে পৰিস্থিতিত কৰ্মৰত মহিলাসকলে তেওঁলোকৰ কৰ্ম সময়ৰ সীমা নিৰ্ধাৰণ কৰিবলৈ দাবী জনাইছিল ।

-১৯১৭ চনত প্ৰথম বিশ্বযুদ্ধৰ সময়ত ৰাছিয়াৰ মহিলাসকলে ইয়াক উদযাপন কৰিছিল বুলিও বহু ঠাইত কোৱা হয় ।

-বিশ্বযুদ্ধৰ বিৰুদ্ধে ৰাছিয়াৰ মহিলাসকলে ৰুটি আৰু শান্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

-কোৱা হয় যে নাৰীৰ এই আন্দোলনৰ পিছত ৰাছিয়ান বিপ্লৱৰ জুই জ্বলি উঠিল আৰু জাৰে ৰাছিয়াৰ শাসন এৰিবলগীয়া হয় ।

-আনুষ্ঠানিকভাৱে ১৯৭৫ চনত বিশ্বই প্ৰথমবাৰৰ বাবে নাৰী দিৱস উদযাপন কৰিছিল ।

-ৰাষ্ট্ৰসংঘই ৮ মাৰ্চৰ দিনটো সমগ্ৰ বিশ্বৰ মহিলাসকলৰ বাবে উৎসৰ্গা কৰে ।

-ইয়াৰ দুবছৰৰ পাছত ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে আনুষ্ঠানিকভাৱে ৮ মাৰ্চক নাৰী দিৱস হিচাপে ঘোষণা কৰে ।

-সাধাৰণ পৰিষদৰ সকলো সদস্য দেশেই এই প্ৰস্তাৱত অনুমোদন জনাইছিল ।

নাৰী দিৱসৰ বিশেষ গুৰুত্ব-

-সমগ্ৰ দেশ আৰু বিশ্বৰ নাৰী দিৱসত মহিলাৰ উন্নতি আৰু প্ৰগতিৰ বাবে উৎসাহৰ পোষকতা কৰা হয় ।

-নাৰী দিৱসৰ দিনা সমগ্ৰ বিশ্বতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় ।

-এই কাৰ্যসূচীসমূহত মহিলা সবলীকৰণৰ প্ৰসাৰৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰা হয় ।

-ইয়াৰ লগতে লিংগ সমতাৰ দিশত কাম কৰিবলৈ উৎসাহ দিয়া হয় ।

-নাৰী দিৱসৰ মূল উদ্দেশ্য হৈছে প্ৰতিটো ক্ষেত্ৰতে মহিলাৰ অধিকাৰ সুৰক্ষিত কৰা ।

-এই সময়ত সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত মহিলাসকলক সমানে অংশগ্ৰহণ কৰাৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰা হয় ।

-মহিলাৰ শিক্ষা, পৰিয়াল আৰু স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াত গুৰুত্ব আৰোপ কৰা হয় ।

-কৰ্মক্ষেত্ৰত মহিলাসকলক হাৰাশাস্তি আৰু ঘৰুৱা হিংসাৰ পৰা ৰক্ষা কৰিবলৈ বহু প্ৰচেষ্টা চলোৱা হয় ।

-আজিৰ দিনটোত সমগ্ৰ বিশ্বতে ভাল কাম কৰা মহিলাসকলক বিশেষ বঁটা প্ৰদান কৰা হয় ।

-এই সময়ছোৱাত বিভিন্ন স্থানত ৰেলী, বাটৰ নাট, আলোচনা চক্ৰ আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।

২০২৫ চনৰ নাৰী দিৱসৰ বিষয়বস্তু কি-

-প্ৰতি বছৰে নাৰী দিৱসত এটা বিশেষ থিম ৰখা হয়, যাৰ ভিত্তিত নাৰী সবলীকৰণ হয় ।

-এইবাৰ নাৰী দিৱসৰ বিষয়বস্তু হৈছে Accelerate Action।

-অৰ্থাৎ কেৱল কথা পাতিলেই নহয়, সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰি মহিলা সবলীকৰণ হ’ব ।

-এই থিম অনুসৰি মহিলাৰ উন্নতিৰ বাবে পৰিকল্পিত কাম ত্বৰান্বিত কৰা লক্ষ্য হ’ব ।

-এই বিষয়বস্তু প্ৰতিগৰাকী মহিলা, ছোৱালী আৰু শিশুৰ ক্ষেত্ৰত সমানে প্ৰযোজ্য হ’ব ।

-এই বিষয়বস্তুৰ অধীনত মহিলাৰ উন্নতিৰ বাবে চলি থকা কাম আৰু প্ৰক্ৰিয়াসমূহ সঠিক গতিৰে চলি আছে নে নাই সেইটো নিৰ্ণয় কৰা হ’ব ।

আজি নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ দায়িত্ব মহিলাৰ হাতত অৰ্পণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে, নাৰী দিৱসত নাৰী শক্তিক জনালে প্ৰণাম

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰা মহিলাসকলক এদিনৰ বাবে চচিয়েল মিডিয়া একাউণ্ট ‘এক্স’ আৰু ইনষ্টাগ্ৰাম অৰ্পণ কৰিছে । আজি নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত পোষ্ট কৰি লিখিছে, ‘আমি নাৰী দিৱসৰ দিনা মহিলা শক্তিক প্ৰণাম জনাইছো । আমাৰ চৰকাৰে মহিলা সবলীকৰণৰ বাবে সদায় কাম কৰি আহিছে, যিটো আমাৰ আঁচনি আৰু কাৰ্যসূচীত প্ৰতিফলিত হয় । আজি প্ৰতিশ্ৰুতি অনুসৰি মোৰ ছ’চিয়েল মিডিয়া প্ৰপাৰ্টিজ বিভিন্ন ক্ষেত্ৰত নিজৰ নাম উজলাই তোলা মহিলাসকলে চম্ভালিব !’

ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “সকলো জ্ঞানেই হৈছে দেৱীৰ বিভিন্ন ৰূপৰ প্ৰকাশ আৰু পৃথিৱীৰ সকলো নাৰী শক্তিও ইয়াৰ প্ৰতিফলন । আমাৰ সংস্কৃতিত কন্যাৰ প্ৰতি সন্মান সৰ্বোচ্চ । এই শতিকাত মহিলাৰ অংশগ্ৰহণ বিশ্বৰ বৃদ্ধিৰ এক অতি ডাঙৰ কাৰক হ’বলৈ গৈ আছে । দেশ, যিখন সমাজে মহিলাক অধিক অংশগ্ৰহণ দিয়ে, সেইখন দ্ৰুতগতিত বৃদ্ধি পাব । আজি ভাৰতত নাৰী নেতৃত্বৰ বিকাশৰ যুগ ।”

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয়, “মহিলা হৈছে নীতি, সততা, সিদ্ধান্ত গ্ৰহণ ক্ষমতা আৰু নেতৃত্বৰ প্ৰতিফলন । আজি ভাৰতে নাৰীৰ প্ৰয়োজন আৰু আকাংক্ষাক মনত ৰাখি পৰিকল্পনা আৰু সিদ্ধান্ত গ্ৰহণ কৰিছে । দেশৰ নতুন শক্তিই হৈছে এখন উন্নত ভাৰতৰ সংকল্প সাধনৰ আটাইতকৈ ডাঙৰ নিশ্চয়তা । গতিকে এইবাৰ নাৰী দিৱসত আহক আমি সকলোৱে মিলি অদম্য নাৰী শক্তিক উদযাপন, সন্মান আৰু প্ৰণাম জনাওঁ ।”

উল্লেখ্য যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ‘মন কী বাত’ কাৰ্যসূচীত কৈছিল যে এইবাৰ নাৰী দিৱসত মহিলাই তেওঁৰ ছ’চিয়েল একাউণ্টৰ দায়িত্ব ল’ব । এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ বাবে সকলো উৎসৰ্গা কৰা মহিলাসকলকো স্মৰণ কৰি কয়, “মহিলা দিৱসৰ এই বিশেষ উপলক্ষে মই মোৰ এক্স, ইনষ্টাগ্ৰামৰ দৰে একাউণ্টসমূহ এদিনৰ বাবে দেশৰ একাংশ প্ৰেৰণাদায়ক মহিলাৰ হাতত তুলি দিম । এনেধৰণৰ মহিলাসকলে যিসকলে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে, তেওঁলোকে উদ্ভাৱন কৰিছে, যিসকলে বিভিন্ন ক্ষেত্ৰত নিজৰ বাবে এক সুকীয়া পৰিচয় সৃষ্টি কৰিছে ।”

কোনে প্ৰথম উদযাপন কৰিছিল নাৰী দিৱস ? জানক নাৰী দিৱসৰ আকৰ্ষণীয় ইতিহাস আৰু এইবাৰৰ বিষয়বস্তু

নাৰীক সমান মৰ্যাদা প্ৰদান আৰু বিশেষ অনুভৱ কৰাবলৈ প্ৰতি বছৰে ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস (International Women’s Day) পালন কৰা হয় । এই দিনটো প্ৰতিগৰাকী মহিলাৰ বাবে বিশেষ, কাৰণ এই দিনটোত তেওঁলোকৰ সম অধিকাৰ আৰু সৱলীকৰণ সুনিশ্চিত কৰাৰ প্ৰয়াসত সমগ্ৰ বিশ্বতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় ।

আমাৰ দেশত মাতৃ শক্তিক সদায় পূজা কৰা হয় । এনে পৰিস্থিতিত ভাৰতৰ সমান্তৰালকৈ বিশ্বৰ চুকে-কোণে নাৰী আৰু তেওঁলোকৰ অধিকাৰ সম্পৰ্কীয় বিষয়বোৰ চৰ্চিত হয় । কিন্তু কোনে প্ৰথমে নাৰী দিৱস উদযাপন কৰিছিল আৰু ক’ত পালন কৰা হৈছিল জানেনে ?  জানক নাৰী দিৱসৰ ইতিহাসৰ বিষয়ে লগতে এই বছৰ অৰ্থাৎ ২০২৫ চনৰ নাৰী দিৱসৰ বিষয়বস্তু কি জানক ।

কেতিয়া ক’ত প্ৰথম নাৰী দিৱস উদযাপন কৰা হৈছিল-

-কোৱা হয় যে ১৯০৯ চনত প্ৰথম নাৰী দিৱস উদযাপন কৰা হৈছিল ।

-২৮ ফেব্ৰুৱাৰীত ছ’চিয়েলিষ্ট পাৰ্টি অৱ আমেৰিকাই মহিলা দিৱস উদযাপন কৰি নাৰীক সন্মান জনাইছিল ।

-সেই সময়ত আমেৰিকা আৰু ইউৰোপত শ্ৰমিক আন্দোলন চলি আছিল ।

-এনে পৰিস্থিতিত কৰ্মৰত মহিলাসকলে তেওঁলোকৰ কৰ্ম সময়ৰ সীমা নিৰ্ধাৰণ কৰিবলৈ দাবী জনাইছিল ।

-১৯১৭ চনত প্ৰথম বিশ্বযুদ্ধৰ সময়ত ৰাছিয়াৰ মহিলাসকলে ইয়াক উদযাপন কৰিছিল বুলিও বহু ঠাইত উল্লেখ আছে ।

-বিশ্বযুদ্ধৰ বিৰুদ্ধে ৰাছিয়াৰ মহিলাসকলে খাদ্য আৰু শান্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ।

-কোৱা হয় যে নাৰীৰ এই আন্দোলনৰ পিছত ৰাছিয়ান বিপ্লৱৰ জুই জ্বলি উঠিল আৰু জাৰে ৰাছিয়াৰ শাসন এৰিবলগীয়া হয় ।

-আনুষ্ঠানিকভাৱে ১৯৭৫ চনত বিশ্বই প্ৰথমবাৰৰ বাবে নাৰী দিৱস উদযাপন কৰিছিল ।

-ৰাষ্ট্ৰসংঘই ৮ মাৰ্চৰ দিনটো সমগ্ৰ বিশ্বৰ মহিলাসকলৰ বাবে উৎসৰ্গা কৰে ।

-ইয়াৰ দুবছৰৰ পাছত ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে আনুষ্ঠানিকভাৱে ৮ মাৰ্চক নাৰী দিৱস হিচাপে ঘোষণা কৰে ।

-সাধাৰণ পৰিষদৰ সকলো সদস্য দেশে এই প্ৰস্তাৱত অনুমোদন জনাইছিল ।

নাৰী দিৱসৰ বিশেষ গুৰুত্ব-

-নাৰী দিৱসত সমগ্ৰ দেশ আৰু বিশ্বৰ মহিলাৰ উন্নতি আৰু প্ৰগতিৰ বাবে উৎসাহৰ পোষকতা কৰা হয় ।

-নাৰী দিৱসৰ দিনা সমগ্ৰ বিশ্বতে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় ।

-এই কাৰ্যসূচীসমূহত মহিলা সবলীকৰণৰ প্ৰসাৰৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰা হয় ।

-ইয়াৰ লগতে লিংগ সমতাৰ দিশত কাম কৰিবলৈ উৎসাহ দিয়া হয় ।

-নাৰী দিৱসৰ মূল উদ্দেশ্য হৈছে প্ৰতিটো ক্ষেত্ৰতে মহিলাৰ অধিকাৰ সুৰক্ষিত কৰা ।

-এই সময়ত সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত মহিলাসকলক সমানে অংশগ্ৰহণ কৰাৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰা হয় ।

-মহিলাৰ শিক্ষা, পৰিয়াল আৰু স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াত গুৰুত্ব আৰোপ কৰা হয় ।

-কৰ্মক্ষেত্ৰত মহিলাসকলক হাৰাশাস্তি আৰু ঘৰুৱা হিংসাৰ পৰা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা চলোৱা হয় ।

-এই দিনটোত সমগ্ৰ বিশ্বতে ভাল কাম কৰা মহিলাসকলক বিশেষ বঁটা প্ৰদান কৰা হয় ।

-এই সময়ছোৱাত বিভিন্ন স্থানত ৰেলী, বাটৰ নাট, আলোচনা চক্ৰ আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।

২০২৫ চনৰ নাৰী দিৱসৰ বিষয়বস্তু-

-প্ৰতি বছৰে নাৰী দিৱসত এটা বিশেষ থিম তথা বিষয়বস্তু ৰখা হয়, যাৰ ভিত্তিত নাৰী সবলীকৰণ হয় ।

-এইবাৰ নাৰী দিৱসৰ বিষয়বস্তু হৈছে Accelerate Action ।

-অৰ্থাৎ কেৱল শব্দৰ জৰিয়তে নহয়, সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰি মহিলা সবলীকৰণ হ’ব ।

-এই বিষয়বস্তু অনুসৰি মহিলাৰ উন্নতিৰ বাবে পৰিকল্পিত কাম ত্বৰান্বিত কৰা লক্ষ্য হ’ব ।

-এই বিষয়বস্তু প্ৰতিগৰাকী মহিলা, ছোৱালী আৰু শিশুৰ ক্ষেত্ৰত সমানে প্ৰযোজ্য হ’ব ।

-এই বিষয়বস্তুৰ অধীনত মহিলাৰ উন্নতিৰ বাবে চলি থকা কাম আৰু প্ৰক্ৰিয়াসমূহ সঠিক গতিৰে চলি আছে নে নাই সেইটো নিৰ্ণয় কৰা হ’ব ।