নিউজীলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত ক্লীন ছুইপেৰে পৰাস্ত হোৱাৰ পাছত এতিয়া ভাৰতীয় দলটোৱে পৰৱৰ্তী অভিযানৰ বাবে সাজু হৈছে । এতিয়া ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ যাব, য’ত ৪খনীয়া মেচৰ টি-২০ ছিৰিজ অনুষ্ঠিত হ’ব । এই শৃংখলাত ভাৰতীয় দলৰ অধিনায়ক হিচাপে থাকিব সূৰ্যকুমাৰ যাদৱ ।
সূৰ্যকুমাৰক ভাৰতীয় দলৰ টি-২০ ফৰ্মেটৰ স্থায়ী অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । আনহাতে, গৌতম গম্ভীৰৰ ঠাইত ভি ভি এছ লক্ষ্মণক এই টি-২০ ছিৰিজত প্ৰশিক্ষকৰ দায়িত্বত থকা দেখা যাব । ইয়াৰ কাৰণ হ’ল গম্ভীৰ নিউজীলেণ্ডৰ টেষ্ট শৃংখলাত ব্যস্ত আছিল । এতিয়া তেওঁ অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব লাগিব, য’ত ৫খনীয়া মেচৰ টেষ্ট ছিৰিজ অনুষ্ঠিত হ’ব ।
দলত কোনে কোনে পালে স্থান ?
দক্ষিণ আফ্ৰিকা ভ্ৰমণত ভাৰতীয় দলটোৱে প্ৰথমখন টি-২০ মেচ অহা ৮ নৱেম্বৰত ডাৰবানত খেলিব । ইয়াৰ পিছত দল দুটা ১০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টি-২০ মেচৰ বাবে গকেবাৰহালৈ যাব । তাৰ পিছত বাকী দুখন মেচ চেঞ্চুৰিয়ান (১৩ নৱেম্বৰ) আৰু জোহান্সবাৰ্গ (১৫ নৱেম্বৰ)ত অনুষ্ঠিত হ’ব ।
এই টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে মিডল অৰ্ডাৰৰ বেটছমেন ৰমনদীপ সিং আৰু বেগী বলাৰ বিজয়কুমাৰ বৈশাক । দুয়োগৰাকী খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে ছিনিয়ৰ ভাৰতীয় দলত স্থান লাভ কৰিছে ।
বাওঁহাতৰ বেগী বলাৰ য়শ দয়ালকো দলত অন্তৰ্ভুক্ত কৰা হৈছে । অৱশ্যে বেগী বলাৰ মায়ংক যাদৱ আৰু অলৰাউণ্ডাৰ শিৱম ডুবে আঘাতৰ বাবে দলত নিৰ্বাচিত নহ’ল । অল ৰাউণ্ডাৰ ৰিয়ান পৰাগকো দলত অন্তৰ্ভূক্ত কৰা হোৱা নাই ।
শৃংখলাৰ বাবে ভাৰত-দক্ষিণ আফ্ৰিকাৰ দল :
ভাৰতীয় দল : সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), ৰিংকু সিং, তিলক বাৰ্মা, জিতেশ শৰ্মা (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰমনদীপ সিং, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণই, অৰ্শদীপ সিং, বিজয়কুমাৰ বৈশাক , আৱেশ খান আৰু য়শ দয়াল ।
দক্ষিণ আফ্ৰিকাৰ দল : এইডেন মাৰ্ক্ৰাম (অধিনায়ক), অটনেইল বাৰ্টমেন, গেৰাল্ড ক’টজি, ড’নভান ফেৰেইৰা, ৰিজা হেণ্ড্ৰিক্স, মাৰ্কো জেন্সেন, হেনৰিখ ক্লাচেন, পেট্ৰিক ক্ৰুগাৰ, কেশৱ মহাৰাজ, ডেভিদ মিলাৰ, মিহালালি ম্পংৱানা, নকাবা পিটাৰ, ৰিয়ান ৰিকেলটন, এণ্ডিল চিমেলানে, লুথো ছিপামলা আৰু ট্ৰিষ্টান ষ্টাবছ ।