তামিলনাডু আৰু পুডুচেৰী উপকূলৰ সমীপত ফেংগাল ঘূৰ্ণীবতাহে খুন্দা মাৰিবলৈ আৰম্ভ কৰিছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ কাৰ্যালয়ে জনোৱা মতে, ঘূৰ্ণীবতাহে অহা তিনিৰ পৰা চাৰি ঘণ্টাৰ ভিতৰত তামিলনাডু আৰু পুডুচেৰীৰ উপকূল অতিক্ৰম কৰাৰ সম্ভাৱনা আছে । ঘূৰ্ণীৰ ফলত হোৱা ধাৰাসাৰ বৰষুণ আৰু তীব্ৰ বতাহে আঘাত কৰাৰ পূৰ্বে চেন্নাইত বিমান উৰণ আৰু ৰে’ল সেৱা বন্ধ কৰি দিয়া হৈছে ।
ঘূৰ্ণীবতাহ ফেংগাল সন্দৰ্ভত, আই এম ডিয়ে এক্সত তথ্য প্ৰদান কৰিছে আৰু কৈছে যে পৰিস্থিতিৰ শেহতীয়া মূল্যায়নে দেখুৱাইছে যে ই ভূমিত আঘাত কৰিছে । আই এম ডিয়ে কয়, “ই কাৰাইকাল আৰু মহাবলিপুৰমৰ মাজৰ তামিলনাডু-পুডুচেৰী উপকূল অতিক্ৰম কৰাৰ সম্ভাৱনা আছে, যাৰ গতি বেগ অহা ৩ ৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ৭০-৮০ কিলোমিটাৰ প্ৰতি ঘণ্টালৈ আহিব ।”
শনিবাৰে অহা প্ৰচণ্ড ঘূৰ্ণীবতাহৰ পূৰ্বে তামিলনাডুৰ বহু জিলাত বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰি দিয়া হৈছে আৰু শ শ লোক নিৰাপদ স্থানলৈ স্থানান্তৰিত হৈছে । ধাৰাসাৰ বৰষুণৰ ফলত চেন্নাইৰ বহু চিকিৎসালয় আৰু ঘৰ পানীত বুৰ গৈছে ।
ইয়াৰ সমান্তৰালকৈ চুবুৰীয়া কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ নিম্নভূমি অঞ্চলত বাস কৰা লোকসকলক স্থানান্তৰ কৰা হৈছে আৰু প্ৰশাসনে এছ এম এছত সতৰ্কবাণী প্ৰেৰণ কৰি স্থানীয় বাসিন্দাসকলক ঘূৰ্ণীবতাহৰ বাবে সাজু হ’বলৈ সকীয়াই দিছে ।
৫৫খন ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান বাতিল-
চেন্নাই বিমানবন্দৰৰ এটা অংশ ডুব যোৱাৰ লগতে বহু বিমান বাতিলৰ বাবে শ শ যাত্ৰী সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে । চেন্নাইৰ চৰকাৰী সূত্ৰই জনোৱা মতে, দুটা ৰাণৱে আৰু টেক্সিৱে ডুব যোৱাৰ ফলত কমেও ৫৫খন ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান বাতিল হোৱাৰ লগতে আন ১৯খন বিমান ডাইভাৰ্ট কৰা হৈছে । ইয়াৰ পূৰ্বে দিনটোৰ বিমানবন্দৰটো কাৰ্যক্ষম হৈ থকাৰ সময়ত কমেও ১২খন বিমানে পলমকৈ উৰা মাৰিছিল ।
ৰে’ল আৰু বিমান সেৱা ক্ষতিগ্ৰস্ত-
ইয়াৰ লগতে হায়দৰাবাদতো কমেও ২০খন বিমান বাতিল কৰা হয় । এই বিমানসমূহ আছিল চেন্নাই আৰু তিৰুপতিলৈ অহা-যোৱা কৰা সেৱা । ধাৰাসাৰ বৰষুণৰ ফলত চেন্নাইৰ ৰে’ল সেৱাও ক্ষতিগ্ৰস্ত হৈছে । একে সময়তে দক্ষিণ ৰেলৱেই বহু সেৱাৰ পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে ।
মমল্লাপুৰমকে ধৰি মেৰিনা আৰু চেন্নাইৰ অন্যান্য বিখ্যাত সমুদ্ৰ তীৰলৈ ৰাজহুৱা প্ৰৱেশ বন্ধ কৰিবলৈ বেৰিকেড লগোৱা হৈছে । ইয়াৰ লগতে প্ৰচণ্ড বৰষুণৰ সৈতে জড়িত এক ঘটনাত চেন্নাইৰ এ টি এমৰ পৰা নগদ ধন উলিয়াবলৈ চেষ্টা কৰা এজন প্ৰব্ৰজিত শ্ৰমিকৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে ।
সাগৰৰ পৰা আঁতৰি থাকিবলৈ আহ্বান-
বতৰৰ পূৰ্বাভাসে মাছমৰীয়া সকলক সাগৰৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে আৰু এক মিটাৰ উচ্চতালৈকে ঢৌৰ ভৱিষ্যদ্বাণী কৰিছে, যাৰ ফলত নিম্ন উপকূলীয় অঞ্চলত বানৰ আশংকা আছে ।
ফেংগাল ঘূৰ্ণীবতাহৰ ফলত হোৱা বৰষুণৰ ফলত চেন্নাই আৰু ইয়াৰ আশে-পাশে বহু অঞ্চল ডুব গৈছে । প্ৰচণ্ড বতাহৰ বাবে বেৰিকেড আৰু ছাতি উৰুৱাই নিয়াৰ লগতে ধাৰাসাৰ বৰষুণৰ বাবে ৰাস্তাত আত্মৰক্ষা কৰিবলৈ জনসাধাৰণক ইফালে-সিফালে দৌৰা-ঢপৰা কৰা পৰিলক্ষিত হয় ।
চিকিৎসালয়ত প্ৰৱেশ কৰিলে বৰষুণৰ পানী-
ক্ৰমেপেটৰ দুখন চৰকাৰী চিকিৎসালয়, আন এখন চিকিৎসালয় আৰু বুকু আৰু শ্বাস-প্ৰশ্বাসৰ যত্ন লোৱাৰ ব্যৱস্থাৰ চৌহদত বৰষুণৰ পানী প্ৰৱেশ কৰে । এই চিকিৎসালয় দুখন কাষে কাষে অৱস্থিত । আনকি চিকিৎসালয়ৰ ভিতৰতো পানী গোৰোহাৰ সমতল পায়হি, যাৰ বাবে ৰোগী, পৰিচাৰক আৰু চিকিৎসকে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । আৰক্ষী আৰু স্থানীয় বিষয়াসকলে প্ৰৱেশ পইণ্টত বালিৰ বস্তা ৰাখি সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি কয় ।