কেন্দ্ৰীয় চৰকাৰে সাংসদসকলৰ দৰমহা ২৪ শতাংশ বৃদ্ধিৰ অধিসূচনা জাৰী কৰিছে । এই বৃদ্ধি ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব আৰু মূল্যবৃদ্ধিৰ সূচকাংকৰ ভিত্তিত সিদ্ধান্ত লোৱা হৈছে । সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি কেৱল সাংসদসকলৰ দৰমহা বৃদ্ধি কৰাই নহয়, সভাত উপস্থিত থকাৰ দৈনিক ভাট্টা, প্ৰাক্তন সাংসদসকলৰ পেঞ্চন, অতিৰিক্ত বছৰ সেৱাৰ বাবে দিয়া পেঞ্চন আদিও বৃদ্ধি কৰা হৈছে ।
নতুন দৰমহা আৰু ভাট্টা তলত দিয়া ধৰণৰঃ
সাংসদ সকলৰ মাহিলী দৰমহা-
আগতে: প্ৰতিমাহে ১,০০,০০০ টকা
এতিয়া: প্ৰতিমাহে ১,২৪,০০০ টকা
দৈনিক ভাট্টা (সংসদৰ অধিবেশনৰ সময়ত সভাত অংশগ্ৰহণৰ বাবে)
আগতে: প্ৰতিদিনে ২০০০ টকা
এতিয়া: প্ৰতিদিনে ২৫০০ টকা
প্ৰাক্তন সাংসদসকলৰ মাহিলী পেন্সনঃ
আগতে: প্ৰতিমাহে ২৫,০০০ টকা
এতিয়া: প্ৰতিমাহে ৩১,০০০ টকা
অতিৰিক্ত পেঞ্চন (পাঁচ বছৰৰ অধিক সেৱাৰ প্ৰতি বছৰৰ বাবে)
আগতে: প্ৰতিমাহে ২০০০ টকা
এতিয়া: প্ৰতিমাহে ২৫০০ টকা
১৯৬১ চনৰ আয়কৰ আইনত উল্লেখ কৰা মূল্যবৃদ্ধিৰ সূচকাংকৰ ভিত্তিত চৰকাৰে সাংসদ দৰমহা, ভাট্টা আৰু পেন্সন আইনৰ অধীনত এই বৃদ্ধিৰ অধিসূচনা জাৰী কৰিছে । এই সকলোবোৰৰ গুৰুত্বপূৰ্ণ কথাটো হ’ল সাংসদসকলৰ দৰমহাত কোনো কৰ নাই ।
সাংসদসকলৰ বাবে উপলব্ধ সুবিধা-
দৰমহাৰ উপৰিও সাংসদসকলে আন বহু সুবিধাও পায় । য’ত তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ বাবেও বহুতো সুবিধা উপলব্ধ । ইয়াৰ ভিতৰত পত্নীৰ বাবে কেইবাটাও বিনামূলীয়া বিমান যাত্ৰা, সীমাহীন ৰেল যাত্ৰা আৰু সংসদৰ অধিৱেশনৰ সময়ত ঘৰৰ পৰা দিল্লীলৈ বছৰি আঠটা বিমান যাত্ৰা আদি অন্তৰ্ভুক্ত । এজন সাংসদে লাভ কৰে ৫০ হাজাৰ ইউনিট বিনামূলীয়া বিদ্যুৎ, ১ লাখ ৭০ হাজাৰ বিনামূলীয়া কল, ৪০ লাখ লিটাৰ পানী আৰু থাকিবলৈ চৰকাৰী বাংলো ।