পহলগাম আক্ৰমণৰ পিছতে সংবাদ মাধ্যমলৈ কঠোৰ নিৰ্দেশনা চৰকাৰৰ…

শনিবাৰে কেন্দ্ৰীয় চৰকাৰে দেশৰ সংবাদ মাধ্যমক প্ৰতিৰক্ষা অভিযান আৰু নিৰাপত্তাৰক্ষীৰ চলাচলৰ লাইভ টেলিকাষ্টৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দি কয় যে এনে বাতৰিয়ে শত্ৰুক অজানিতে সহায় কৰিব পাৰে ।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ পৰামৰ্শ-

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত প্ৰতিৰক্ষা অভিযান আৰু নিৰাপত্তাৰক্ষীৰ চলাচল লাইভ সম্প্ৰচাৰ নকৰিবলৈ সকলো মিডিয়া চেনেললৈ পৰামৰ্শ জাৰি কৰিছে । মন্ত্ৰালয়ে জাৰি কৰা পৰামৰ্শত কোৱা হৈছে যে, ‘ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত সকলো মিডিয়া প্লেটফৰ্ম, সংবাদ সংস্থা আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীক প্ৰতিৰক্ষা আৰু অন্যান্য নিৰাপত্তা সম্পৰ্কীয় অভিযানৰ সৈতে জড়িত বিষয়সমূহৰ প্ৰতিবেদন দিয়াৰ সময়ত সৰ্বোচ্চ দায়িত্ব পালন কৰিবলৈ আৰু বৰ্তমানৰ আইন-কানুন কঠোৰভাৱে পালন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।’

পৰামৰ্শত কোৱা হৈছে যে ‘নিৰাপত্তা বাহিনীৰ প্ৰতিৰক্ষা অভিযান বা কাৰ্যকলাপৰ সৈতে জড়িত ‘সূত্ৰ’ৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কোনো ধৰণৰ কভাৰেজ, দৃশ্যমান সম্প্ৰচাৰ বা প্ৰতিবেদন প্ৰচাৰ কৰিব নালাগে ।’ মন্ত্ৰালয়ে লগতে কয় যে স্পৰ্শকাতৰ তথ্য প্ৰকাশ কৰিলে শত্ৰুৰ সহায়ক হ’ব পাৰে আৰু কাৰ্যকৰী ফলপ্ৰসূতা আৰু নিৰাপত্তাৰক্ষীৰ জীৱন বিপন্ন হ’ব পাৰে ।

দৰমহা আৰু পেন্সন বৃদ্ধি সাংসদৰ, কেন্দ্ৰই জাৰি কৰিলে অধিসূচনা…

কেন্দ্ৰীয় চৰকাৰে সাংসদসকলৰ দৰমহা ২৪ শতাংশ বৃদ্ধিৰ অধিসূচনা জাৰী কৰিছে । এই বৃদ্ধি ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব আৰু মূল্যবৃদ্ধিৰ সূচকাংকৰ ভিত্তিত সিদ্ধান্ত লোৱা হৈছে । সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি কেৱল সাংসদসকলৰ দৰমহা বৃদ্ধি কৰাই নহয়, সভাত উপস্থিত থকাৰ দৈনিক ভাট্টা, প্ৰাক্তন সাংসদসকলৰ পেঞ্চন, অতিৰিক্ত বছৰ সেৱাৰ বাবে দিয়া পেঞ্চন আদিও বৃদ্ধি কৰা হৈছে ।

নতুন দৰমহা আৰু ভাট্টা তলত দিয়া ধৰণৰঃ

সাংসদ সকলৰ মাহিলী দৰমহা-

আগতে: প্ৰতিমাহে ১,০০,০০০ টকা

এতিয়া: প্ৰতিমাহে ১,২৪,০০০ টকা

দৈনিক ভাট্টা (সংসদৰ অধিবেশনৰ সময়ত সভাত অংশগ্ৰহণৰ বাবে)

আগতে: প্ৰতিদিনে ২০০০ টকা

এতিয়া: প্ৰতিদিনে ২৫০০ টকা

প্ৰাক্তন সাংসদসকলৰ মাহিলী পেন্সনঃ

আগতে: প্ৰতিমাহে ২৫,০০০ টকা

এতিয়া: প্ৰতিমাহে ৩১,০০০ টকা

অতিৰিক্ত পেঞ্চন (পাঁচ বছৰৰ অধিক সেৱাৰ প্ৰতি বছৰৰ বাবে)

আগতে: প্ৰতিমাহে ২০০০ টকা

এতিয়া: প্ৰতিমাহে ২৫০০ টকা

১৯৬১ চনৰ আয়কৰ আইনত উল্লেখ কৰা মূল্যবৃদ্ধিৰ সূচকাংকৰ ভিত্তিত চৰকাৰে সাংসদ দৰমহা, ভাট্টা আৰু পেন্সন আইনৰ অধীনত এই বৃদ্ধিৰ অধিসূচনা জাৰী কৰিছে । এই সকলোবোৰৰ গুৰুত্বপূৰ্ণ কথাটো হ’ল সাংসদসকলৰ দৰমহাত কোনো কৰ নাই ।

সাংসদসকলৰ বাবে উপলব্ধ সুবিধা-

দৰমহাৰ উপৰিও সাংসদসকলে আন বহু সুবিধাও পায় । য’ত তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ বাবেও বহুতো সুবিধা উপলব্ধ । ইয়াৰ ভিতৰত পত্নীৰ বাবে কেইবাটাও বিনামূলীয়া বিমান যাত্ৰা, সীমাহীন ৰেল যাত্ৰা আৰু সংসদৰ অধিৱেশনৰ সময়ত ঘৰৰ পৰা দিল্লীলৈ বছৰি আঠটা বিমান যাত্ৰা আদি অন্তৰ্ভুক্ত । এজন সাংসদে লাভ কৰে ৫০ হাজাৰ ইউনিট বিনামূলীয়া বিদ্যুৎ, ১ লাখ ৭০ হাজাৰ বিনামূলীয়া কল, ৪০ লাখ লিটাৰ পানী আৰু থাকিবলৈ চৰকাৰী বাংলো ।

গাঁৱে গাঁৱে প্ৰস্তুত হৈছে তালিকা; কোনে কোনে নতুনকৈ পাব অৰুণোদয়, কোন হ’ব বঞ্চিত?

অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি গ’ল ডাঙৰ খবৰ। বিশেষ প্ৰক্ৰিয়াৰে নিৰ্বাচিত হ’ব অৰুণোদয় হিতাধিকাৰী। ১৫ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব অৰুণোদয় হিতাধিকাৰীৰ সভা
। অৰুণোদয় পাই থকা হিতাধিকাৰীয়েও গাঁওসভাত কৰিব লাগিব আবেদন। অৰুণোদয় কোনে কোনে পাব?অৰুণোদয় পাবৰ বাবে এখন বৈধ ৰেচন কাৰ্ড লাগিব।তালিকা সম্পূৰ্ণ হোৱাৰ আগমূহুৰ্তলৈকে ৰেচন কাৰ্ড দাখিল কৰিলেও অৰুণোদয়ৰ বাবে বিবেচিত হ’ব।অৰুণোদয় আঁচনিত বিধবা মহিলাক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া হ’ব। বিবাহ বিচ্ছেদিত মহিলাক অগ্ৰাধিকাৰ দিয়া হ’ব। যি পৰিয়ালত দিব্যাঙ্গ ব্যক্তি আছে সেই পৰিয়ালক অগ্ৰাধিকাৰ দিয়া হ’ব। যি পৰিয়ালত HIV, থেলাছেমিয়া, হিমফেলিয়া, চেৰিব্ৰেল পালছিক, কুষ্ঠৰোগী আছে সেইসকলক অগ্ৰাধিকাৰ দিয়া হ’ব। বৃদ্ধাশ্ৰমত থকা মহিলা, বৃদ্ধা, ভিক্ষা খুজি খোৱা লোককো দিয়া হ’ব অগ্ৰাধিকাৰ। সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মহিলাকো দিয়া হ’ব অগ্ৰাধিকাৰ। এইবাৰ বাদ পৰিব বহু মহিলাৰ নাম। মন্ত্ৰী-বিধায়ক অথবা প্ৰাক্তন মন্ত্ৰী-বিধায়কৰ পৰিয়ালে নাপাই এই সুবিধা

ক্ৰমান্বয়ে উত্তেজনা বৃদ্ধি পাইছে মধ্য প্ৰাচ্যত, ছিৰিয়াত পতন হ’ল আল আছাদৰ চৰকাৰ

ক্ৰমান্বয়ে উত্তেজনা বৃদ্ধি পাইছে মধ্য প্ৰাচ্যত। ছিৰিয়া যুদ্ধৰ ভয়ংকৰ পৰিণতি। ছিৰিয়াত পতন হ’ল বাচাৰ আল আছাদৰ চৰকাৰৰ। আল আছাদে ছিৰিয়াৰ পৰা পলায়ন কৰি বৰ্তমান ৰাছিয়াৰ ৰাজধানী মস্কোত থকাৰ খবৰ। ২০১১ চনৰ আৰৱ স্প্ৰীঙৰ সময়ৰ পৰা আৰম্ভ হোৱা গৃহযুদ্ধই বৰ্তমান ভয়ংকৰ ৰূপ লয় যাৰ পৰিণতিত আল আছাদৰ চৰকাৰ ভংগ হয়।

কিদৰে ছিৰিয়াত সংঘটিত হ’ল এই পৰিৱৰ্তন ?
২০১১ চনৰ আৰৱ স্প্ৰীঙৰ সময়ৰ পৰা আৰম্ভ হোৱা এই গৃহযুদ্ধ বিগত এটা সম্তাহত ভয়ংকৰ পৰিস্থিতিৰ ৰূপ ধাৰণ কৰিছিল। মাত্ৰ এটা সপ্তাহ পূৰ্বে ছিৰিয়া সম্পূৰ্ণৰূপে দখল কৰিলে বিদ্ৰোহীয়ে।

ছিৰিয়াৰ এই বিদ্ৰোহৰ আঁৰত কোন জড়িত হৈ আছে ?
ছিৰিয়াৰ এই বিদ্ৰোহৰ নেতৃত্ব লৈছিল হায়াত তাহৰিৰ আলছাম নামৰ সংগঠনটোৱে। হায়াত তাহৰিৰ আলছামৰ লগতে আন বহুতো বিদ্ৰোহী একলগ হৈছিল আৰু গঠন কৰিছিল ছিৰিয়ান নেশ্যনেল আৰ্মী। এই বিদ্ৰোহী সংগঠনসমূহে প্ৰথমতে যুদ্ধ আৰম্ভ কৰে ইডলিবৰ পৰা আৰু বিদ্ৰোহ আৰম্ভ কৰিয়েই দখল কৰে ছিৰিয়াৰ আলেপ্পো চহৰ। কম সময়ৰ ভিতৰত ছিৰিয়াৰ ৰাজধানী ডামাছকাছ দখল কৰে বিদ্ৰোহীয়ে। হায়াত তাহৰিৰ আলছামৰ নেতৃত্ব দিছিল আবু মহম্মদ আল জোলানীয়ে।

ছিৰিয়াত এই বিদ্ৰোহৰ আৰম্ভণী কেনেকৈ হৈছিল?

বিগত ৫৩ বছৰ ধৰি ছিৰিয়াত শাসন কৰিছিল আল আছাদৰ পৰিয়ালে। ২০১১ চনত ছিৰিয়াত আৰৱ স্প্ৰীঙৰ সময়ত আৰম্ভ হয় গৃহযুদ্ধ। আছাদ পৰিয়ালৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহে ছিৰিয়াৰ জনতা। ইয়াৰ পাছত ছিৰিয়াৰ পৰিৱেশ অতি ভয়ংকৰ হৈ পৰে। ISISৰ সন্ত্ৰাসবাদৰ বাবেই ক্ৰমান্বয়ে অশান্ত হৈ পৰে ছিৰিয়া। বাচাৰ আল আছাদে সহায় বিচাৰে ৰাছিয়াৰ পৰা। পুটিনৰ সহায়ত আছাদে পৰাস্ত কৰে ISISক আৰু শক্তিশালী হৈ পৰে ছিৰিয়ান সেনা। কিন্তু ছিৰিয়াৰ এই ঘটনাৰ লগত জড়িত হৈ আছে আন্তৰাষ্ট্ৰীয় শক্তি। ৰাছিয়া, আমেৰিকা, ইৰাণ, তুৰ্কী, ইজৰাইল সকলোৰে স্বাৰ্থ আছে ছিৰিয়াত। ছিৰিয়াক সহায় কৰিছিল ইৰান চৰকাৰ আৰু হিজবুল্লাই। ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ ফলত দুৰ্বল হৈ পৰিল হিজবুল্লা। ৰাছিয়া ব্যস্ত হৈ থাকিল ইউক্ৰেইনৰ লগত। আমেৰিকাই সহায় কৰিলে বিদ্ৰোহীক। তুৰ্কীৰো সহায় লাভ কৰিলে বিদ্ৰোহীয়ে আৰু দখল কৰিলে ছিৰিয়া। ইফালে বিপদৰ সময়ত আছাদৰ সংগ নেৰিলে পুটিনে। আছদ আৰু পৰিয়ালক শৰণ দিলে ৰাছিয়াই।