বুধবাৰে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-বাংলাদেশৰ তিনিখনীয়া শৃংখলাৰ দ্বিতীয়খন টি-২০ মেচ । এই মেচখনত জয়েৰে ভাৰতে বাংলাদেশৰ বিৰুদ্ধে শৃংখলাটো দখলৰ লক্ষ্য ৰাখিছে ।
গোৱালিয়ৰত অনুষ্ঠিত প্ৰথমখন টি-২০ খেলত বাংলাদেশৰ বিৰুদ্ধে সাত উইকেটত বিজয় সাব্যস্ত কৰাৰ পিছত সূৰ্যকুমাৰৰ দলটোৱে ইতিমধ্যে শৃংখলাটোত ১-০ৰ অগ্ৰগতি লাভ কৰিছে ।

উল্লেখ্য যে, ভাৰত আৰু বাংলাদেশে এতিয়ালৈকে এই খেলৰ আটাইতকৈ চুটি ফৰ্মেটত ১৫ বাৰ মুখামুখি হৈছে । ইয়াৰে ১৪ বাৰ বিজয়ী হৈ মেন ইন ব্লুয়ে আলহী দলটোৰ ওপৰত ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে ।
শেহতীয়াকৈ এই ফৰ্মেটত দলটোৰ ফৰ্মৰ কথা ক’বলৈ, আয়োজক দল তথা ভাৰতে তেওঁলোকৰ অন্তিম পাঁচখন মেচত জয়লাভ কৰিছে । আনহাতে, নাজমুল হোছেইন শান্তোৰ নেতৃত্বত বাংলাদেশ দলটোৱে তেওঁলোকৰ অন্তিম পাঁচখন খেলৰ ভিতৰত মাত্ৰ এখন খেলহে জিকিছে ।
চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৭ সংখ্যক সংস্কৰণত অৰুণ জেটলী ষ্টেডিয়ামত মাত্ৰ পাঁচখন খেলহে অনুষ্ঠিত হৈছিল । এই পাঁচখন মেচত দলসমূহে দহটাৰ ভিতৰত ৮টা ইনিংছত ২০০ ৰানৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল । গতিকে, আজিৰ মেচখনো হাই স্ক’ৰিং সংঘৰ্ষ হ’ব বুলি আশা কৰা হৈছে ।
ভাৰতৰ বাওঁহতীয়া স্পীডষ্টাৰ অৰ্শদীপ সিঙে দৃঢ়তাৰে কয় যে অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে উইকেট পৰীক্ষা কৰিব আৰু খেলখনৰ পৰিকল্পনা ভাগ বতৰা কৰিব ।
তদুপৰি বাংলাদেশৰ অলৰাউণ্ডাৰ মহমুদুল্লাই দলটোৰ বলাৰসকলক প্ৰশংসা কৰি কয় যে তেওঁলোকে যোৱা কেইবছৰমানত এক সুন্দৰ কাম কৰি আহিছে ।
ইণ্ডিয়া স্কোৱাড- সঞ্জু চেমছন (উইকেটকীপাৰ), অভিষেক শৰ্মা, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), নীতিশ ৰেড্ডী, হাৰ্দিক পাণ্ডিয়া, ৰিয়ান পৰাগ, ৰিংকু সিং, ৱাশ্বিংটন সুন্দৰ, বৰুণ চক্ৰৱৰ্তী, অৰ্শদীপ সিং, মায়াংক যাদৱ, জিতেশ শৰ্মা, তিলক বাৰ্মা, ৰবি বিষ্ণোই, হৰ্ষিত ৰাণা ।