২ নৱেম্বৰত জন্মদিন উদযাপন কৰে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে । ৫৯ সংখ্যক জন্মদিন উদযাপনৰ সময়তে কিং খানে এটা ডাঙৰ ঘোষণা কৰে । শ্বাহৰুখে নিজেই এটা সাক্ষাৎকাৰত স্বীকাৰ কৰিছে যে তেওঁ এসময়ত এজন চেইন স্মকাৰ আছিল । তেওঁ স্বীকাৰ কৰিছে যে আগতে তেওঁ দিনটোত ১০০ টাতকৈও অধিক চিগাৰেট খাইছিল, কিন্তু এতিয়া তেওঁ কেতিয়াও চিগাৰেট স্পৰ্শ নকৰে । তেওঁ সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছে যে “চিগাৰেট খোৱাৰ ফলত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু তেওঁৰ উশাহ-নিশাহ লোৱাত অসুবিধা হৈছে ।”
উশাহ লোৱাত সমস্যা-
শ্বাহৰুখে কৈছে যে ‘চিগাৰেট সেৱনৰ কাৰণে মোৰ বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হৈছিল । গতিকে মই ধূমপান ত্যাগ কৰিলোঁ । যদিও ধূমপান ত্যাগ কৰাৰ পিছতো মোৰ উশাহ লোৱাত অসুবিধা হৈছে, তথাপি মই সোনকালেই ইয়াক ঠিক কৰিম ।‘[
সহকৰ্মীসকলো চিন্তিত হৈ পৰিছিল-
শ্বাহৰুখ খানৰ সৈতে কাম কৰা বহু অভিনেতাই কয় যে “শ্বাহৰুখ খানে চেটত এটাৰ পিছত এটাকৈ কেইবাটাও চিগাৰেট খাইছিল । তেওঁ এটা শেষ হোৱাৰ আগতেই আন এটা চিগাৰেট জ্বলাইছিল ।”
আদালতে বিহিছিল জৰিমনা-
২০১২ চনত জয়পুৰৰ এখন আদালতে শ্বাহৰুখ খানক কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত এখন খেলৰ সময়ত ষ্টেডিয়ামৰ ভিতৰত চিগাৰেট সেৱন কৰাৰ বাবে জৰিমনা বিহিছিল । কলকাতা নাইট ৰাইডাৰ্ছ শ্বাহৰুখ খানৰ আই পি এল দল ।
কন্যাৰ সৈতে ডাঙৰ পৰ্দাত দেখা যাব-
যোৱা বছৰ মুক্তি পোৱা শ্বাহৰুখ খানৰ ছবি ‘পাথান’, ‘জৱান’ আৰু ‘ডংকি’ সৰ্বাধিক উপাৰ্জন কৰা তিনিখন ছবিৰ তালিকাত স্থান লাভ কৰিছিল । এই বছৰ তেওঁৰ কোনো ছবি মুক্তি পোৱা নাই যদিও অহা বছৰ শ্বাহৰুখ খানক তেওঁৰ কন্যা চুহানা খানৰ সৈতে ‘কিং’ ছবিত দেখা যাব, যাৰ শ্বুটিঙত তেওঁ বৰ্তমান ব্যস্ত হৈ আছে ।