বহু লোকে নিশা পানীত ভিজাই পুৱা খালি পেটতে কিচমিচ খায়।এই কিচমিচ শৰীৰৰ বাবে বহু উপকাৰী। ইয়াত বহুতো পুষ্টি থাকে। ইয়াত আয়ৰণ, কপাৰ , পটাছিয়াম আৰু মেগনেছিয়ামৰ দৰে খনিজ থাকে, যি আপোনাৰ স্বাস্থ্যৰ যত্ন লয়।
বহু লোকে কিচমিচ শুকান কৈও খায় যদিও ৰাতিপুৱা খালী পেটত তিয়াই থোৱা কিচমিচ খোৱাটো অধিক উপকাৰী হ’ব পাৰে।কিচমিছত গুৰুত্বপূৰ্ণ ভিটামিন যেনে ভিটামিন চি আৰু বি-কমপ্লেক্স থাকে, লগতে ফেনোলিক যৌগৰ দৰে এণ্টিঅক্সিডেণ্ট থাকে, যি ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰাত সহায় কৰে।এই কিচমিচৰ উপকাৰীতা সমূহ জানো আহক-
১) দৈনিক সীমিত পৰিমাণৰ খিচমিচ গ্ৰহণৰ দ্বাৰা বহু বেমাৰৰ পৰা ৰক্ষা পাব পাৰি।কিচমিচ দেহৰ বাবে যথেষ্ট উপকাৰী।
২) ডায়েবেটিছ ৰোগীৰ বাবে কিচমিচ যথেষ্ট উপকাৰী। কিচমিচ সেৱনে ব্লাড চুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে।
৩)কিচমিচে কেঞ্চাৰৰ কোষসমূহ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
৪) কিচমিচ ভিজোৱা পানী ৰাতিপুৱা খালিপেটত খালে শৰীৰৰ অলাগতিয়াল বিষাক্ত পদাৰ্থ বাহিৰ হয়, পেট পৰিস্কাৰ হোৱাৰ লগতে কৌষ্ঠকাঠিন্য আৰু ইয়াৰ পৰা হব পৰা নানা ৰোগ আৰোগ্য হয়।
৫) বিদ্যাৰ্থীৰ মনোযোগ, স্মৃতিশক্তি আৰু সুস্বাস্থ্যৰ বাবে নিয়মিত সথিক মাত্ৰাত খোৱাতো উপযোগী।
৬)চকু, দাঁত, চুলি আৰু চালৰ যিকোনো সমস্যা লগতে লিভাৰ দৌৰ্বল্য আৰু মুখৰ দুৰ্গন্ধ দুৰ কৰাৰ বাবে কিচমিচ ভিজোৱা পানী খোৱা অতি উপকাৰী।
(এই বাতৰিটো কেৱল আপোনাক সজাগ কৰাৰ উদ্দেশ্যেৰে লিখা হৈছে । বাতৰিটো পঢ়ি নিশ্চিতভাৱে ইয়াক গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক ।)