দৰিদ্ৰ হাতেম আলীৰ ঘৰত এক আনন্দৰ পৰিৱেশ । পুৱাই হাজিৰালৈ ওলাই যোৱা ল’ৰাটোৰ বাবে গৌৰবান্বিত গাওঁবাসী । পুৱা ৪ বজাতে গাঁৱৰে পথাৰখনত দৌৰে। ৭বজাৰ লগে লগে আকৌ ওলাই যায় কাম লৈ। এটি সৰু পজাৰ পৰাই হাতেম আলীয়ে দেখিছিল সপোন। সপোনক বাস্তবায়িত কৰাত কৰিছিল অশেষ কষ্ট। অৱশেষত সফলতা লাভ কৰিলে হাতেম আলীয়ে।দলগাঁৱৰ এটি পিছপৰা অঞ্চলৰ হাতেম আলীয়ে ভাৰতীয় সেনা বাহিনীত ২০০নম্বৰৰ ভিতৰত ১৮০ পাই নিযুক্তি পাবলৈ সক্ষম হয়। পিতৃহাৰা হাতেম আলীয়ে সৰুৰে পৰাই কৰিছিল জীৱন সংগ্ৰাম । মাত্ৰ ২০বছৰ বয়সতে ভাৰতীয় সেনাত চাকৰি পোৱা হাতেম আলীৰ বাবে উৎফুল্লিত গাঁওবাসী।