২৭ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা । এই নিযুক্তি পৰীক্ষাৰ বাবে ৰাজ্যজুৰি কৰ্তন হ’ব ইণ্টাৰনেট । পুৱা ৮:৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ কৰ্তন হ’ব ইণ্টাৰনেট সেৱা । এই সন্দৰ্ভত ইতিমধ্যে ৰাজ্য চৰকাৰে জাৰী কৰিছে জাননী । সুকলমে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে । ২৮ খন জিলাত অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ এই নিযুক্তি পৰীক্ষা ।
আনহাতে পৰীক্ষাৰ্থীসকলৰ বাবে নিযুক্তি বৰ্ডে বান্ধি দিছে কেতবোৰ নীতি-নিৰ্দেশনা ।
-পুৱা ৯ বজাৰ পৰা ১১:৩০ বজালৈ অনুষ্ঠিত হ’ব পেপাৰ ১ৰ পৰীক্ষা
-১:৩০ বজাৰ পৰা ৪:৩০ বজালৈ অনুষ্ঠিত হ’ব পেপাৰ ২ৰ পৰীক্ষা
-পৰীক্ষাৰ অন্তত লৈ যাব পাৰিব প্ৰশ্নকাকত
-পৰীক্ষা আৰম্ভ হোৱা সময়ত নিজৰ OMR SHEET পৰীক্ষা কৰক
-পৰীক্ষাৰ সময়ত OMR SHEET জমা হ’লনে নাই নিশ্চিত কৰক
-OMR SHEETত নাম আৰু ফটো নাথাকে
-কেৱল ৰোল নম্বৰ উল্লেখ থাকিব
-পৰীক্ষা শেষ হোৱাৰ পাছত ৱেবচাইটত OMR SHEET আৰু উত্তৰ বহী আপলোড কৰা হ’ব
-মুঠ ৪২ টা বিভাগৰ ৫,০২৩টা পদৰ বাবে অনুষ্ঠিত কৰা হ’ব পৰীক্ষা
-মহিলা পৰীক্ষাৰ্থীক তালাচী চলোৱাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা
-অতিৰিক্তভাৱে নিয়োগ কৰা হৈছে আশা আৰু অংগনবাড়ী কৰ্মী
এই সন্দৰ্ভত সংবাদমেল পাতি ঘোষণা কৰিছে নিযুক্তি বৰ্ডে ।