পেন ইণ্ডিয়াৰ ফ্লিম ‘কান্তাৰা চেপ্টাৰ ১’ৰ দৃশ্যগ্ৰহণ কৰ্ণাটকত চলি আছে। কিন্তু তাৰ মাজতে ছবিখনৰ সৈতে সম্পৰ্কিত এক দুখজনক খবৰ পোহৰলৈ আহিছে। ছবিখনৰ বহুকেইজন অভিনেতা দুৰ্ঘটনাত পতিত হৈছে।
জানিব পৰা মতে দৃশ্যগ্ৰহণৰ পিছত ছেটৰ পৰা উভতি অহাৰ সময়ত তেওঁলোকৰ বাছখন দুৰ্ঘটনাত পতিত হয়।এই দুৰ্ঘটনাটোত বহুতো কনিষ্ঠ শিল্পী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।
আৰক্ষীয়ে দিয়া তথ্য অনুসৰি দেওবাৰে নিশা, যেতিয়া দলটোৱে চলচ্চিত্ৰখনৰ জাদকালৰ মুদুৰত দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰি কল্লুৰলৈ উভতি আহি আছিল সেই সয়মতে দলটোক কঢ়িয়াই নিয়া এখন মিনিবাছ বাগৰি পৰে।
মিনি বাছখনত ২০ জন কনিষ্ঠ শিল্পী আছিল। ঘটনাটোৰ পিছত, আহতসকলক চিকিৎসাৰ বাবে জাদকাল আৰু কুণ্ডাপুৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।