আৰম্ভণিৰ দিনটোতে ইতিহাস সৃষ্টি কান্তাৰা ১ ৰ; ২০২৫ চনৰ দ্বিতীয় বৃহত্তম অ’পেনাৰ হিচাপে পৰিগণিত
আৰম্ভণিৰ দিনটোতে ইতিহাস সৃষ্টি কান্তাৰা ১ ৰ
‘কান্তৰা: অধ্যায় ১’ ছবিগৃহত মুক্তি পোৱাৰ লগে লগে দেশজুৰি খলকনিৰ সৃষ্টি কৰিছে।ঋষভ শ্বেট্টীৰ এই ছবিখন দৰ্শকৰ বাবে এক দৃশ্যগত উপহাৰতকৈ কম নহয়।এই ছবিখনৰ বিষয়ে সকলোতে চৰ্চা চলি আছে।
চিনেমাগৃহত দৰ্শকৰ ভিৰ ইমানেই বেছি হৈছে যে টিকট পোৱাটো কঠিন হৈ পৰিছে।এই ছবিখন চলিত বৰ্ষৰ দ্বিতীয় বৃহত্তম অ’পেনাৰ হিচাপে পৰিগণিত হৈছে।
এই ছবিখন ২০২২ চনৰ আটাইতকৈ ডাঙৰ ব্লকবাষ্টাৰ ছবি ‘কান্তৰা’ৰ প্ৰিকুৱেল, যাৰ বাবে অনুৰাগীসকলে বহু সময় অপেক্ষা কৰি আছিল।
ছবিখনৰ বাবে ঋষভ শেট্টীৰ কঠোৰ পৰিশ্ৰম পৰ্দাত স্পষ্টকৈ দেখা গৈছে।বিশেষ কথাটো হ’ল ছবিখন মুক্তি পোৱাৰ লগে লগে ইয়াৰ পৰৱৰ্তী অধ্যায়টোও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল।
‘কান্তৰাঃ ১ম অধ্যায়’ৰ কাহিনী ৩০০ খ্ৰীষ্টাব্দৰ কদম্ব বংশৰ সময়ৰ,য’ত কান্তৰা বনাঞ্চলত বসবাস কৰা এটা জনজাতীয় সম্প্ৰদায় আৰু বঙৰা ৰাজ্যৰ মাজত সংঘাতৰ সৃষ্টি হয়।
প্ৰথম দিনৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে ছবিখনে আচৰিত কাম কৰিছে।ছবিখনে প্ৰথম দিনাই ৬০ কোটি টকা উপাৰ্জন কৰিছে।এটা দিনতে উপাৰ্জন দেখি এতিয়া আচৰিত হৈছে সকলো।
লগতে পঢ়ক: মা দুৰ্গাৰ চৰিত্ৰত দেখা যাব নয়নতৰা; শ্বেয়াৰ কৰিলে প্ৰথমখন পোষ্টাৰ