মিছন বসুন্ধৰাৰ পৰা আত্মনিৰ্ভৰ আঁচনিলৈকে মুখ্যমন্ত্ৰীৰ ৩৩টা ডাঙৰ ঘোষণা । বৃদ্ধি কৰা হ’ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ আবেদনকাৰীৰ বয়সৰ ঊৰ্ধসীমা । ইতিমধ্যে আবেদনৰ বাবে মুকলি হ’ল পৰ্টেল । ১৮ নৱেম্বৰলৈকে পৰ্টেলত কৰিব পাৰিব আবেদন । বাচনিভুক্ত হ’লেই এই আঁচনিৰ অধীনত লাভ কৰিব ২ লাখ আৰু ৫ লাখ টকা । ২৮ বছৰৰ পৰা ৪৫ বয়সৰ ব্যক্তিয়ে কৰিব পাৰিব আবেদন । পূৰ্বে এই সীমা আছিল ৪০ বছৰলৈ ।
সাধাৰণ শ্ৰেণীৰ আবেদনকাৰী দশম শ্ৰেণী উত্তীৰ্ণ হ’লেই কৰিব পাৰিব আবেদন । আনহাতে ST, SCৰ আবেদনকাৰীয়ে দশম শ্ৰেণীলৈকে পঢ়া হ’ব লাগিব । অভিযান্ত্ৰিক শিক্ষা তথা ডিগ্ৰী থকাসকলে লাভ কৰিব ৫ লাখ টকা । আনহাতে আনসকলে লাভ কৰিব ২ লাখ টকা । আবেদনৰ বাবে শিক্ষাগত অৰ্হতাৰ প্ৰমাণ-পত্ৰ, বেংক পাছবুক, ড্ৰাইভিং লাইচেন্স লাগিব । পৰ্টেলত গৈ আপুনি কৰিব লাগিব আবেদন । আগ্ৰহী আবেদনকাৰীয়ে cmaaa.assam.gov.inত কৰিব লাগিব পঞ্জীয়ন । ইয়াৰ সৈতে আপুনি বেংক পাছবুক সংলগ্ন কৰিব লাগিব ।
আনহাতে ২০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা 3.0 । বসুন্ধৰা 3.0ৰ জৰিয়তে আপুনি কৰিব পাৰিব মাটি-বাৰীৰ কাম-কাজ । নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰা হ’ব মাটি-বাৰী সম্পৰ্কীয় সকলো কাম-কাজ । বসুন্ধৰা 3.0ত পুনৰীক্ষণ কৰা হ’ব পূৰ্বে বাতিল হোৱা বহু আবেদন পত্ৰ । নামজাৰি, বাটোৱাৰা আদিৰ কাম সম্পূৰ্ণ অনলাইনযোগে আবেদন কৰিব লাগিব ।
লগতে খাজানা লোৱা সন্দৰ্ভতো চৰকাৰে আনিছে বৃহৎ সকাহ । অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতে দিব পাৰিব খাজানা । মোবাইলতে ই-খাজানা পৰ্টেলত গৈ আদায় দিব পাৰিব খাজানা । ই-খাজনাৰ বাবে মাটিৰগৰাকীয়ে নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক । অনলাইন পদ্ধতিৰে খাজনা সংগ্ৰহ কৰিব পাৰিব মৌজাদাৰসকলে ।
ইফালে দীপাৱলীৰ প্ৰাকক্ষণত ৰাজ্যৰ লাখ-লাখ কৰ্মচাৰীৰ বাবে ভাল খবৰ দিলে ৰাজ্য চৰকাৰে । দীপাৱলীত ৰাজ্যৰ লাখ-লাখ কৰ্মচাৰীৰ মৰগীয়া বানচ দিয়াৰ চিন্তা-চৰ্চা চৰকাৰৰ । কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে মৰগীয়া বানচ । ৩ শতাংশ মৰগীয়া বানচৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে ।
আনহাতে বিহু নৃত্যৰ দৰে ঝুমুৰ নৃত্যক লৈও বৃহৎ পদক্ষেপ চৰকাৰৰ । ৮-১০ হাজাৰ কলা-কুশলীৰ দ্বাৰা প্ৰদৰ্শন কৰা হ’ব ঝুমুৰ নৃত্য । ৰাজ্যবাসীৰ বাবে এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ।