উৎসৱৰ বতৰত বিপুল জনসমাগমৰ পৰিপ্ৰেক্ষিতত আৰু যাত্ৰীসকলক আৰামদায়ক যাতায়তৰ সুবিধা প্ৰদানৰ বাবে উত্তৰ ৰে’লৱেই প্ৰায় ৩০০০খন ৰে’ল চলাচল আৰম্ভ কৰিছে।
উৎসৱৰ বতৰত যাত্ৰীসকলক আৰামদায়ক যাতায়তৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে ৰে’লৱেই ২,৯৫০খন বিশেষ ৰে’লৰ সৈতে এক সুনিৰ্দিষ্ট কাৰ্য্য পৰিকল্পনা ৰূপায়ণ কৰিছে। এই তথ্য সোমবাৰে দিয়ে উত্তৰ ৰে’লৱেই। উত্তৰ ৰে’লৱেই জনোৱা মতে, যোৱা বছৰৰ তুলনাত এই বছৰ তেওঁলোকে ১ অক্টোবৰৰ পৰা ৩০ অক্টোবৰৰ ভিতৰত উৎসৱৰ বিশেষ ৰে’লৰ সংখ্যা প্ৰায় ১৭২ শতাংশ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত ক’বলৈ গ’লে উত্তৰ ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া হিমাংশু শেখৰ উপাধ্যায়ে কয়, ২,৯৫০খন ৰে’লৰ ভিতৰত প্ৰায় ৮৩ শতাংশই এই উৎসৱৰ বিশেষ ৰে’লসমূহ উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ আৰু অসমৰ দৰে পূবমুখী ৰাজ্যৰ যাত্ৰীসকলৰ বাবে হ’ব।
উপাধ্যায়ে কয় যে বৰাউনী, সমস্তীপুৰ, ছাহৰছা, বাৰাণসী, অযোধ্যা, গোৰখপুৰ, জয়নগৰ, দৰভংগা, যোগবাণী, পাটনা, কলকাতা, গুৱাহাটী, হাওৰা, মুজাফ্ফৰপুৰ, কাটিহাৰ, টাটানগৰ আৰু লক্ষ্ণৌ আদি চহৰৰ পৰা চলি থকা এই বিশেষ ৰে’লসমূহৰ গন্তব্যস্থান ৰাষ্ট্ৰীয় ৰাজধানী। যাত্ৰীৰ সুৰক্ষা আৰু সুবিধা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ, যেনে সংৰক্ষিত ডবাত অকৰ্তৃত্বশীলভাৱে প্ৰৱেশ ৰোধৰ কঠোৰ ব্যৱস্থা, ৰে’ল আৰু ষ্টেচন চৌহদত ধূমপান কৰাৰ লগতে জ্বলনশীল পদাৰ্থ কঢ়িয়াই নিয়াত নিষেধাজ্ঞা আৰু জাবৰ বিয়পোৱা বন্ধ কৰাৰ পদক্ষেপ লোৱা আদিৰ বিষয়েও বিষয়াগৰাকীয়ে অৱগত কৰে।