দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰিছে । দিল্লী আম আদমী পাৰ্টিৰ দুৰ্গ হৈ আহিছে, সেয়েহে দিল্লীত আপৰ দুৰ্গ ভাঙি পৰাটো অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ দলৰ ৰাজনীতিত ডাঙৰ আঘাত হিচাপে প্ৰমাণিত হৈছে । ইতিমধ্যে দিল্লী নিৰ্বাচনৰ ফলাফলক লৈ ৰাজনৈতিক প্ৰতিক্ৰিয়া আহিবলৈ আৰম্ভ কৰিছে । ইয়াৰ মাজতে অতি আকৰ্ষণীয় প্ৰতিক্ৰিয়া দিছে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই । ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত ওমৰ আব্দুল্লাই লিখিছে, ‘আৰু যুঁজক নিজৰ মাজতে !’ ওমৰ আব্দুল্লাই এটা GIF শ্বেয়াৰ কৰিছে য’ত লিখা আছে, ‘হেঁপাহ পলুৱাই যুঁজক, ইজনে সিজনক শেষ কৰি দিয়ক !’
অনুমান কৰা হৈছে যে দিল্লীত মিত্ৰতা কৰাৰ পৰিৱৰ্তে পৃথকে পৃথকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে কংগ্ৰেছ আৰু আম আদমী পাৰ্টিক ওমৰ আব্দুল্লাই কটাক্ষ কৰিছে । দুয়োটা দলেই ইণ্ডি মিত্ৰজোঁটৰ অংশ, কিন্তু বিধানসভা নিৰ্বাচনত পৃথকে পৃথকে প্ৰতিদ্বন্দ্বিতা কৰি প্ৰচাৰৰ সময়ত ইজনে সিজনক তীব্ৰ আক্ৰমণ চলাইছিল ।
সঞ্জয় ৰাউতে কয়- বিজেপিৰ পৰাজয় নিশ্চিত আছিল, যদি…
দিল্লী নিৰ্বাচনৰ ধাৰা সন্দৰ্ভত শিৱসেনাৰ ইউ বি টি নেতা সঞ্জয় ৰাউতে কয় যে ‘প্ৰাথমিক ধাৰাসমূহে কঠোৰ প্ৰতিদ্বন্দ্বিতা দেখুৱাইছে । যদি কংগ্ৰেছ আৰু আম আদমী পাৰ্টিয়ে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হ’লহেঁতেন তেন্তে ফলাফল বেলেগ হ’লহেঁতেননে ? কংগ্ৰেছ আৰু আপৰ বিৰোধী দল বিজেপি । দুয়োটাই বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই ৰাখিবলৈ যুঁজিছিল, কিন্তু বেলেগে বেলেগে এই যুঁজ দিলে, যদি একেলগে যুঁজিলহেতেন তেন্তে বিজেপিৰ পৰাজয় নিশ্চিত আছিল ।
‘অৰবিন্দ কেজৰিৱালে নিজৰ ভাবমূৰ্তি নিকা কৰি ৰাখিব নোৱাৰিলে’
দিল্লীৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সমাজ কৰ্মী আন্না হাজাৰে কয় যে ‘মই বহুদিন ধৰি কৈ আহিছো যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীজনৰ চৰিত্ৰ ভাল হ’ব লাগে আৰু তেওঁৰ ভাল ধাৰণা থাকিব লাগে আৰু তেওঁৰ ভাবমূৰ্তি পৰিষ্কাৰ হ’ব লাগে, কিন্তু আপে এই কাম কৰিব নোৱাৰিলে । সুৰা আৰু টকাৰ জালত পৰিল । তেওঁৰ (অৰবিন্দ কেজৰিৱাল) ভাবমূর্তি কলংকিত আৰু সেইবাবেই তেওঁ কম ভোট পালে ৷ মানুহে দেখিলে যে আগতে চৰিত্ৰৰ কথা কোৱা অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে সুৰা কেলেংকাৰীৰ অভিযোগ । ৰাজনীতিত অভিযোগ উত্থাপন হয় । মানুহে নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিব লাগিব আৰু সত্য সদায় সত্য হৈয়েই থাকে । মই ইতিমধ্যে সিদ্ধান্ত লৈছিলোঁ যে মই ৰাজনীতিত প্ৰৱেশ নকৰো আৰু এতিয়াও মই সেই সিদ্ধান্তত আছো ।’