আজি অনুষ্ঠিত হোৱা আই পি এলৰ এখন মেচত গুজৰাট টাইটানছে দিল্লী কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰে । আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলা এই মেচখনত প্ৰথমে বেটিং কৰি ২০৩ ৰান সংগ্ৰহ কৰে দিল্লীয়ে । ইয়াৰ প্ৰত্যুত্তৰত ১৯.২ অভাৰত ৭ উইকেট বাকী থকা অৱস্থাত গুজৰাটে মেচখনত বিজয় সাব্যস্ত কৰে । এয়া প্ৰথমবাৰৰ বাবে আই পি এলৰ এখন খেলত দুশৰো অধিক ৰান সংগ্ৰহ কৰি দিল্লীয়ে লক্ষ্য ৰক্ষা কৰাত ব্যৰ্থ হয় ।
গুজৰাট টাইটানছে ঘৰুৱা খেলপথাৰত ২০৪ ৰানৰ বিশাল লক্ষ্য লাভ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে গুজৰাটৰ আৰম্ভণি দুৰ্বল আছিল কিয়নো অধিনায়ক শুভমন গীল মাত্ৰ ৫ ৰান সংগ্ৰহ কৰি আউট হয় । এই মেচখনত ৩৬ ৰানৰ ইনিংছ খেলা সাই সুদৰ্শনেও অৰেঞ্জ কেপ নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছে । সুদৰ্শন আউট হোৱাৰ লগে লগে গুজৰাটে ৭৪ ৰান সংগ্ৰহ কৰি দ্বিতীয়টো উইকেট হেৰুৱাই । গুজৰাটক জয়ী হ’বলৈ তেতিয়াও ১৩০ ৰানৰ প্ৰয়োজন আছিল ।
গুজৰাটে সৃষ্টি কৰিলে ইতিহাস-
আই পি এলৰ ইতিহাসত যেতিয়াই দিল্লী কেপিটেলছে প্ৰথমে বেটিং কৰি ২০০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰিছে তেতিয়াই প্ৰতিখন মেচতে লক্ষ্য ৰক্ষা কৰি আহিছে । আজিৰ গুজৰাটৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে দিল্লীয়ে ১৩ বাৰ এই অভিলেখ গঢ়িছে । কিন্তু আই পি এলত দিল্লীৰ বিৰুদ্ধে দুশৰো অধিক ৰানৰ লক্ষ্য সফলতাৰে অৰ্জন কৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে গুজৰাট টাইটানছ ।
জোছ বাটলাৰ বিস্ফোৰক বেটিং-
গুজৰাট টাইটানছে ৭৪ ৰান সংগ্ৰহ কৰি ২ উইকেট হেৰুৱাই শলঠেকত পৰাৰ পিছত জোছ বাটলাৰ আৰু শ্বাৰফান ৰাদাৰফোৰ্ডে দলৰ দায়িত্ব লৈ গুজৰাটক জয়ৰ ওচৰলৈ লৈ যায় । লক্ষ্যত উপনীত হোৱাৰ পূর্বে ৰাদাৰফোর্ডে ৪৩ ৰানত আউট হয় যদিও তাৰ পাছত ৰাহুল তেৱাটিয়াৰ ছয়ৰে গুজৰাটে জয়লাভ কৰে ।
গুজৰাটৰ অন্তিম অভাৰত জয়ী হ’বলৈ ১০ ৰানৰ প্ৰয়োজন হৈছিল আৰু মিচেল ষ্টাৰ্কে বলিং কৰি আছিল । শেষৰখন মেচত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ছুপাৰ অভাৰত দিল্লীক জয়ৰ নেতৃত্ব দিছিল ষ্টাৰ্কে । কিন্তু ৰাহুল তেৱাতিয়াই শেষৰ অভাৰৰ প্ৰথম বলত ছয় মাৰি দ্বিতীয় বলত চাৰিৰে গুজৰাটৰ জয় নিশ্চিত কৰে । ৯৭ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ উভতি আহে জোছ বাটলাৰ ।
আই পি এলৰ ইতিহাসত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অৰ্জন কৰা এয়া দ্বিতীয় সৰ্বাধিক সফল ৰান চেজ । ২০২৩ চনত গুজৰাটৰ বিৰুদ্ধে ২০৬ ৰানৰ লক্ষ্য খেদি এই খেলপথাৰত সৰ্বাধিক লক্ষ্য সফলতাৰে অনুসৰণ কৰাৰ অভিলেখ কে কে আৰৰ হাতত আছে । এতিয়া এই তালিকাত গুজৰাটে দ্বিতীয় স্থান লাভ কৰিছে । একে সময়তে আৰ চি বি য়েও নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দুশৰো অধিক লক্ষ্য অনুসৰণ কৰি সফলতা লাভ কৰিছে ।