আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৰেখা গুপ্তাই । ৰামলীলা ময়দানত অনুষ্ঠিত এক বৃহৎ শপতগ্ৰহণ অনুষ্ঠানত দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি.কে. ছাক্সেনাই তেওঁক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাই । দিল্লী ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিত সৰ্বসন্মতিক্ৰমে দলৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছত তেওঁ চৰকাৰ গঠনৰ দাবী কৰে । মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ পিছত নতুন দিল্লীৰ আসনৰ পৰা অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰা প্ৰবেশ সিং বাৰ্মাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।
ৰেখা গুপ্তাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত প্ৰবেশ বাৰ্মা, আশীষ সুদ, মঞ্জিন্দৰ সিং ছিৰছা, ৰবীন্দ্ৰ ইন্দ্ৰৰাজ, কপিল মিশ্ৰ আৰু পংকজ সিঙে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । শপতগ্ৰহণৰ বাবে তিনিটা পৃথক মঞ্চ প্ৰস্তুত কৰা হৈছে । মূল মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাজ্যপাল ভি কে ছাক্সেনা, মনোনীত মুখ্যমন্ত্ৰী আৰু তেওঁৰ কেবিনেট সতীৰ্থ, এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে ।
ৰেখা গুপ্তা দিল্লীৰ নৱম মুখ্যমন্ত্ৰী । শেহতীয়াকৈ সমাপ্ত হোৱা দিল্লী বিধানসভা নিৰ্বাচনত শালীমাৰ বাগৰ পৰা বিধায়িকা নিৰ্বাচিত হৈছে ৰেখা গুপ্তা । মদন লাল খুৰানা, চাহিব সিং বাৰ্মা আৰু সুষমা স্বৰাজৰ পিছত তেওঁ দিল্লীৰ চতুৰ্থ বিজেপি মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে । ইয়াৰ লগে লগে তেওঁ বৰ্তমান বিজেপিৰ শাসনত থকা যিকোনো ৰাজ্যৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰীও হৈ পৰিছে ।
শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথকে ধৰি বিজেপিৰ বহু জ্যেষ্ঠ নেতা উপস্থিত থাকে । তদুপৰি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) শাসিত ৰাজ্যৰ বহু মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীও এই অনুষ্ঠানৰ সাক্ষী হয় ।
ৰামলীলা ময়দানত বহু গণ্যমান্য ব্যক্তিৰ লগতে বহু সংখ্যক সাধাৰণ লোকো উপস্থিত থাকে । বুধবাৰে বিজেপি বিধায়িনী দলৰ বৈঠকত অষ্টম দিল্লী বিধানসভা দলৰ সদনৰ নেত্ৰী নিৰ্বাচিত হয় ৫০ বছৰীয়া ৰেখা গুপ্তা । দিল্লী বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে ৭০খন আসনৰ ভিতৰত ৪৮খন আসন লাভ কৰি জয়লাভ কৰি আম আদমী পাৰ্টিৰ দশকজোৰা শাসনৰ অন্ত পেলায় ।