দিল্লীত আম আদমী পাৰ্টিক পৰাস্ত কৰি ২৭ বছৰীয়া ক্ষমতাৰ পৰা নিৰ্বাসনৰ অন্ত পেলোৱাৰ পিছত বিজেপিৰ বাবে পৰৱৰ্তী প্ৰত্যাহ্বান হৈছে মুখ্যমন্ত্ৰী বাছনি কৰা । ইতিমধ্যে বহু প্ৰতিদ্বন্দ্বীৰ নামো চৰ্চালৈ আহিবলৈ আৰম্ভ কৰিছে । কোৱা হৈছে যে বিজেপিৰ শীৰ্ষ নেতৃত্বই হয়তো নতুন দিল্লীৰ আসনত অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰা প্ৰৱেশ বাৰ্মাক পুৰস্কৃত কৰিব পাৰে আৰু তেওঁ দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ দৌৰত আগবাঢ়ি আছে । নিৰ্বাচনৰ ফলাফলৰ লগে লগে প্ৰবেশ বাৰ্মা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰিবলৈ যায় । ইয়াৰ পিছতে তেওঁ বিজেপিৰ নৱনিৰ্বাচিত একাংশ বিধায়কৰ লগতে উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাক সাক্ষাৎ কৰিবলৈ দিল্লী ৰাজ নিৱাসতো উপস্থিত হয় ।
কিন্তু যোৱা কিছু বছৰত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ মনত কি চলি আছে সেয়া অনুমান কৰিবলৈ ৰাজনৈতিক বিশ্লেষক আৰু সাংবাদিকসকলৰ বাবে কঠিন হৈ পৰিছে । বিগত কেইবাবাৰো এনেকুৱা হৈছে যে সংবাদ মাধ্যমত কিছু নাম চৰ্চা হ’লে ভাৰতীয় জনতা পাৰ্টিয়ে অচিনাকি মুখ এখন আগবঢ়াই সকলোকে আচৰিত কৰি তোলে । শেহতীয়াকৈ যেতিয়া মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত বিজেপিয়ে জয়লাভ কৰিছিল, তেতিয়া মুখ্যমন্ত্ৰী পদৰ বাবে সংবাদ মাধ্যমত পৰিচিত নাম চৰ্চিত হৈছিল । কিন্তু বিজেপিয়ে এনে নেতাক তিনিওখন ৰাজ্যতে মুখ্যমন্ত্রী পদত অধিষ্ঠীত কৰিলে, যিটো কোনেও অনুমান কৰিব পৰা নাছিল । ছত্তীশগড়ত বিজেপিয়ে চৰকাৰৰ নেতৃত্ব বিষ্ণু দেৱ ছাইক, মধ্যপ্ৰদেশত মোহন যাদৱক আৰু ৰাজস্থানত ভজনলাল শৰ্মাৰ হাতত অৰ্পণ কৰে ।
দিল্লীত মুখ্যমন্ত্ৰী পদৰ বাবে এই নামসমূহৰ চৰ্চা-
১৯৯৩ চনৰ পৰা ১৯৯৮ চনৰ ভিতৰত বিজেপিয়ে শেষবাৰৰ বাবে দিল্লীত ক্ষমতা দখল কৰিছিল । এই ৫ বছৰৰ সময়ছোৱাত দলটোৱে ৩ জনক মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠীত কৰিছিল – মদন লাল খুৰানা, চাহিব সিং বাৰ্মা আৰু সুষমা স্বৰাজ । এই মুহূৰ্তত দিল্লীত চৰ্চা চলি থকা নামসমূহৰ ভিতৰত আছে প্ৰবেশ বাৰ্মাৰ উপৰিও আৰ এছ এছৰ বিশেষ অজয় মহাৱাৰ, পূৰ্বাঞ্চলি অভয় বাৰ্মা আৰু পংকজ সিং, বিজেপিৰ তিনিবাৰৰ বিধায়ক বিজেন্দ্ৰ গুপ্তা আৰু এ বি ভি পিৰ প্ৰাক্তন নেতা তথা এন ডি এম চিৰ উপাধ্যক্ষ সতীশ উপাধ্যায় । দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱৰ নামো চৰ্চা চলি আছে । এই সন্দৰ্ভত সোধাত সচদেৱে কয়, ‘দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব কেৱল বিজেপি কৰ্মী আৰু কেন্দ্ৰীয় নেতৃত্বই এই সিদ্ধান্ত ল’ব ।’