ডেংগু হৈছে এক বিপজ্জনক ভাইৰাছজনিত জ্বৰ, যিটো মূলতঃ এডিছ ইজিপ্টাই (Aedes Aegypti ) নামৰ মহৰ কামোৰৰ দ্বাৰা বিয়পে । এই মহবোৰ এনে এটা সময়ত সক্ৰিয় থাকে যেতিয়া বেছিভাগ মানুহে মহে কামোৰিব নোৱাৰে বুলি ভাবে অৰ্থাৎ দিনৰ ভাগত । এই তথ্য থকাটো অতি প্ৰয়োজনীয় যাতে আমি ডেংগু প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰো ।
কেতিয়া কামোৰে ডেংগু মহে-
ডেংগু বিয়পোৱা এডিছ মহবোৰে মুখ্যতঃ দিনত কামোৰে, বিশেষকৈ পুৱা আৰু সন্ধিয়া । সাধাৰণতে, এই মহ সূৰ্য্যোদয়ৰ কেইঘণ্টামান পিছত আৰু সূৰ্যাস্তৰ কেইঘণ্টামান আগত আটাইতকৈ সক্ৰিয় হৈ থাকে । অৱশ্যে, এই মহবোৰে ৰাতিও কামুৰিব পাৰে, বিশেষকৈ যদি পৰ্যাপ্ত পোহৰ থাকে । সেয়েহে, মহবোৰে কেৱল ৰাতি কামোৰে বুলি ধাৰণাটো অশুদ্ধ ।
এডিছ ইজিপ্টাই মহবোৰ আৱদ্ধ পানীত প্ৰজনন কৰে, যেনে ঘৰৰ চাৰিওফালে থকা পাত্ৰ, টায়াৰ, বা খোলা টেংকত । এই মহবোৰ কম উচ্চতাত উৰে আৰু প্ৰায়ে আঁঠুৰ তলত কামোৰে, সেয়েহে মহৰ কামোৰ পৰিহাৰ কৰিবলৈ বিশেষ সাৱধানতা অৱলম্বনৰ প্ৰয়োজন ।
ডেংগুৰ পৰা হাত সৰাৰ উপায়-
ডেংগু প্ৰতিৰোধ কৰিবলৈ, সঠিক তথ্য আৰু সাৱধানতা অনুসৰণ কৰাটো গুৰুত্বপূৰ্ণ । ইয়াত কিছুমান কাৰ্যকৰী ব্যৱস্থা আছে যিয়ে আপোনাক ডেংগুৰ পৰা সুৰক্ষিত ৰাখিব পাৰে ।
মহৰ খেদোৱা ঔষধ ব্যৱহাৰ কৰক-
দিনত মহৰ কামোৰৰ পৰা হাত সাৰিবলৈ মহ খেদোৱা ঔষধ ব্যৱহাৰ কৰিব লাগে । বিশেষকৈ শিশু আৰু বৃদ্ধসকলৰ বাবে মহ প্ৰতিৰোধ ব্যৱস্থাৰ ব্যৱহাৰ অধিক ফলপ্ৰসূ । শৰীৰৰ উন্মুক্ত অংশত মহ প্ৰতিৰোধী ক্ৰীম অথবা স্প্ৰে’ প্ৰয়োগ কৰিব লাগে ।
হাত দীঘল কাপোৰ পিন্ধক-
ডেংগু মহৰ পৰা নিজকে ৰক্ষা কৰিবলৈ হাত দীঘল অথবা ফুল শ্লীভ কাপোৰ আৰু দীঘল পেণ্ট পিন্ধক যাতে, আপোনাৰ হাত-ভৰি ঢাক খাই ছালখন উন্মুক্ত হৈ নাথাকে । পাতল ৰঙৰ কাপোৰ পিন্ধা ভাল, কিয়নো মহ গাঢ় ৰঙৰ প্ৰতি অধিক আকৰ্ষিত হয় ।
ঘৰৰ চাৰিওফালে পানী জমা হ’বলৈ নিদিব-
ইডিছ মহে পৰিষ্কাৰ পানীত প্ৰজনন কৰে, গতিকে ঘৰৰ চাৰিওফালে পানী জমা হ’বলৈ নিদিব । কুলাৰ, ফুলদানি, পাত্ৰ, টায়াৰ আদি ঠাইত জমা হোৱা পানী নিয়মিতভাৱে পৰিষ্কাৰ কৰক । যদি পানী ৰখাৰ প্ৰয়োজন হয়, তেন্তে ভালদৰে ঢাকি ৰাখক ।
মহ খেদোৱা উপকৰণ ব্যৱহাৰ কৰক-
ঘৰৰ ভিতৰত মহ সোমাব নোৱৰাকৈ ঘৰৰ ভিতৰত ইলেক্ট্ৰিক ৰেকেট, কইল, লিকুইড ভেপৰাইজাৰৰ দৰে মহ খেদোৱা উপকৰণ ব্যৱহাৰ কৰক ।
দুৱাৰ আৰু খিৰিকীত জাল লগাওক-
আপোনাৰ ঘৰত মহৰ প্ৰৱেশ ৰোধ কৰিবলৈ দুৱাৰ-খিৰিকীত মিহি তীখা, প্লাষ্টিক আৰু লোহাৰ জাল লগাওক, যাতে এই অবাঞ্চিত অতিথিসকলৰ পৰা আপুনি সুৰক্ষিত হৈ থাকিব পাৰে ।