দিনে দিনে মাহানগৰীত বৃদ্ধি পাবলৈ লৈছে অপৰাধজনীত ঘটনা। তাৰ মাজতে পুনৰ মহানগৰীত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড । মহানগৰীৰ দ্বাৰকানগৰৰ প্ৰান্তিক পথত এটা ঘৰত সংঘটিত হৈছে এই ডকাইতি কাণ্ডটো। মুখত কাপোৰ বান্ধি ৬ জনীয়া এটা ডকাইতৰ দলটোৱে গ্ৰীল ভাঙি প্ৰৱেশ কৰে ঘৰটোত ।ঘৰটোত প্ৰৱেশ কৰি গৃহস্থৰ হাত-ভৰি বান্ধি লুটি নিলে সোণৰ আ-অলংকাৰ সহ ৫ লাখ টকা। ঘটনাৰ সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ।
