পুনৰ মান সমাজক লজ্জিত কৰা এক ঘটনা সংঘটিত হৈছে। কাৰ্বি আংলঙৰ ডিলাই থানাৰ অন্তৰ্গত কইলাজানত এটি ৭ বছৰীয়া কণমানিক ধৰ্ষন কৰিলে দয়াময় নাথ নামৰ এটা লম্পটে। ঘৰত কোনো নথকাৰ সুযোগ লৈ দয়াময় নাথে কণমানি জনীৰ সৈতে কৰিলে অপকৰ্ম । ঘটনা পোহৰলৈ অহাৰ পিছতেই ভুক্তভূগী পৰিয়ালক টকাৰ প্ৰলোভন দি ঘটনা গাপ দিয়াৰ চেষ্টাও কৰিছিল দয়াময় নাথৰ আত্মীয়ই।ইতিমধ্যে ধৰ্ষনৰ গোচৰত আটক কৰিছে লম্পট দয়াময নাথক । সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৭ বছৰীয়া কণমানি জনী।