নিউজীলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ অন্ত পৰাৰ পিছত ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিব । এই ভ্ৰমণ কালছোৱাত দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৪ খন টি-২০ মেচৰ শৃংখলা খেলিব । শৃংখলাৰ প্ৰথমখন মেচ ৮ নৱেম্বৰত ডাৰবানত অনুষ্ঠিত হ’ব । ইয়াৰ পিছত দুয়োটা দল ১০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টি-২০ মেচৰ বাবে গকেবাৰহালৈ যাব । তাৰ পিছত বাকী দুখন মেচ চেঞ্চুৰিয়ান (১৩ নৱেম্বৰ) আৰু জোহান্সবাৰ্গ (১৫ নৱেম্বৰ)ত অনুষ্ঠিত হ’ব ।
গম্ভীৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ নাযায়, এইগৰাকী প্ৰবীণ প্ৰশিক্ষক হ’ব মুখ্য প্ৰশিক্ষক !
এতিয়া দক্ষিণ আফ্ৰিকা ভ্ৰমণ সন্দৰ্ভত এটা ডাঙৰ খবৰ ওলাইছে । এই ভ্ৰমণত ভাৰতীয় দলৰ সৈতে নাথাকিব মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ । অহা ৪ নৱেম্বৰৰ আশে-পাশে দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ ৰাওনা হ’ব ভাৰতীয় দলটো । আনহাতে ভাৰতীয় দলটোৱে অহা ১১ নৱেম্বৰত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব । এনে পৰিস্থিতিত গম্ভীৰে কেৱল অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব পাৰিব ।
গৌতম গম্ভীৰৰ অনুপস্থিতিত দক্ষিণ আফ্ৰিকা ভ্ৰমণত ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে পৰিগণিত হ’ব ভি ভি এছ লক্ষ্মণ । সোমবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এগৰাকী শীৰ্ষ বিষয়াই এই সিদ্ধান্তৰ বিষয়ে জনায় । চাৰিখন মেচৰ এই টি-২০ শৃংখলাটো প্ৰথম অৱস্থাত সিদ্ধান্ত লোৱা হোৱা নাছিল যদিও বি চি চি আই আৰু ক্ৰিকেট দক্ষিণ আফ্ৰিকাৰ মাজত হোৱা আলোচনাৰ অন্তত এই ভ্ৰমণ চূড়ান্ত কৰা হয় ।
দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ প্ৰশিক্ষক ষ্টাফৰ অংশ হ’ব ছাইৰাজ বহুতুলে, হৃষিকেশ কনিটকাৰ আৰু শুভদীপ ঘোষ । ওমানত অনুষ্ঠিত ইমাৰ্জিং এছিয়া কাপ প্ৰতিযোগিতাত ভাৰতীয় দলৰ প্ৰশিক্ষণ দিছিল বহুতুলে, কানিটকাৰ আৰু ঘোষে । আনহাতে, ইণ্ডিয়া এ দলৰ সৈতে অষ্ট্ৰেলিয়ালৈ গৈছে সৌৰাষ্ট্ৰৰ সীতংশু কোটক আৰু কেৰালাৰ মাজহাৰ মইডু ।
যেতিয়া ৰাহুল দ্ৰাবিড়ে বিৰতি লৈছিল তেতিয়া ভি ভি এছ লক্ষ্মণ দায়িত্বত আছিল । ভিভিএছ লক্ষ্মণ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ বিদায়ী সঞ্চালক । কেৱল এয়াই নহয়, তেওঁ ১৯ বছৰ অনুৰ্ধ পুৰুষ দলৰ মুখ্য প্ৰশিক্ষকো । ২০২২ চনৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত ভি ভি এছ লক্ষ্মণৰ প্ৰশিক্ষকতাত য়শ দয়াল এণ্ড কোম্পানীয়ে জয়লাভ কৰিছিল । লক্ষ্মণে ১৩৪খন টেষ্ট মেচত গড়ে ৪৫.৯৭ ৰান সংগ্ৰহ কৰি ৮৭৮১ ৰান সংগ্ৰহ কৰিছিল । তেওঁৰ নামত ৮৬ খন এদিনীয়া মেচত ২৩৩৮ ৰান আছে ।
দক্ষিণৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল :
সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), ৰিংকু সিং, তিলক বাৰ্মা, জিতেশ শৰ্মা (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰমনদীপ সিং, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণোই, আৰ্শদীপ সিং, বিজয়কুমাৰ বৈশক, আবেশ খান, য়শ দয়াল ।