শনিবাৰে কলকাতাত অনুষ্ঠিত হয় ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এপেক্স কাউন্সিলৰ বৈঠক । এই বৈঠকত বহু কাৰ্যসূচী অনুমোদন কৰা হয় । ভাৰতীয় দলটোৱে এইবাৰ ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাৰ দলক আতিথ্য দিব লাগিব, যাৰ বাবে বি চি চি আইয়ে সূচী চূড়ান্ত কৰিছে ।
প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব টেষ্ট মেচ-
অক্টোবৰ মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন টেষ্ট মেচ খেলিব ভাৰতীয় পুৰুষৰ দলটোৱে । পঞ্জাৱৰ মোহালীত অনুষ্ঠিত হ’ব প্ৰথমখন টেষ্ট । তাৰ পিছত ১০-১৪ অক্টোবৰলৈ কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট । ইয়াৰ পিছত ভাৰতে ২০২৫ চনৰ নৱেম্বৰ মাহত দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু ৫ খন টি-২০ মেচৰ বাবে দক্ষিণ আফ্ৰিকান দলটোক আতিথ্য প্ৰদান কৰিব ।
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া দুখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল দিল্লীত অনুষ্ঠিত হ’ব । গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট । প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব টেষ্ট মেচ । ২২-২৬ নৱেম্বৰলৈ গুৱাহাটীত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব এই টেষ্ট মেচ ।
ইয়াৰ পিছত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল ৩০ নৱেম্বৰত ৰাঞ্চিত অনুষ্ঠিত হ’ব । আনহাতে দ্বিতীয়খন এদিনীয়া ৩ ডিচেম্বৰত ৰায়পুৰত আৰু তৃতীয়খন এদিনীয়া ৬ ডিচেম্বৰত বিশাখাপট্টনমত অনুষ্ঠিত হ’ব । ইয়াৰ পিছত ৯, ১১, ১৪, ১৭, ১৯ ডিচেম্বৰত ক্ৰমে কটক, নাগপুৰ, ধৰমশালা, লক্ষ্ণৌ আৰু আহমেদাবাদত অনুষ্ঠিত হ’ব টি-২০ মেচ ।
উল্লেখ্য যে মহিলাৰ এদিনীয়া বিশ্বকাপ ২০২৫ কেৱল ভাৰততহে অনুষ্ঠিত হ’ব । এই প্ৰতিযোগিতাখন ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’ব পাৰে । বি চি চি আইৰ সূত্ৰ অনুসৰি বিশাখাপট্টনমত অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপৰ উদ্বোধনী মেচ আৰু উদ্বোধনী অনুষ্ঠান । মুলনপুৰ, ইন্দোৰ, তিৰুৱনন্তপুৰম আৰু গুৱাহাটীতো মহিলা বিশ্বকাপৰ খেল অনুষ্ঠিত হ’ব । বি চি চি আইৰ সূত্ৰ অনুসৰি যদি কোনো জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হয়, তেন্তে পৰিৱৰ্তনো হব পাৰে ।