এফালে ২৬ নৱেম্বৰক সংবিধান দিৱস হিচাপে স্মৰণ কৰা হয়, আনহাতে আনফালে এই তাৰিখৰ সৈতে জড়িত এটা কলা দিন আছে, যিটো ভাৰতৰ জনসাধাৰণে কেতিয়াও পাহৰিব নোৱাৰে । হয়, আমি ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ কথা কৈছো ।
আজি ২৬/১১ৰ আক্ৰমণৰ ঘটনাৰ ১৬ বছৰ সম্পূৰ্ণ হ’ল । আজিও এই দিনটোৰ কথা মনত পৰিলে কঁপি উঠে প্ৰতিগৰাকীৰ ভাৰতীয়ৰ বুকু । স্বাধীন ভাৰতৰ ইতিহাসত এয়া আছিল অন্যতম বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ । এই আক্ৰমণত ১৮ জন নিৰাপত্তাৰক্ষীকে ধৰি ১৬৬ জন লোক হোৱাৰ লগতে ৩০০ৰো অধিক লোক আহত হৈছিল । এই দিনটোতে দেশৰ অন্যতম নিৰাপদ স্থান তথা বিণিজ্যিক চহৰ মুম্বাইৰ তাজ হোটেলক লক্ষ্য কৰি লৈছিল সন্ত্ৰাসবাদীয়ে ।
সাগৰীয় পথেৰে মুম্বাইত প্ৰৱেশ কৰিছিল সন্ত্ৰাসবাদী-
পাকিস্তানৰ কৰাচীৰ পৰা নাৱেৰে মুম্বাইলৈ ৰাওনা হৈছিল আটাইকেইটা সন্ত্ৰাসবাদী । সাগৰীয় পথেৰে মুম্বাইত প্ৰৱেশ কৰিছিল ১০ টা সন্ত্ৰাসবাদী । ভাৰতীয় নৌসেনাৰ পৰা ৰক্ষা পাবলৈ সন্ত্ৰাসবাদীয়ে এখন ভাৰতীয় নাও হাইজেক কৰি নাওখনত থকা সকলোকে হত্যা কৰিছিল । এই নাওখন ব্যৱহাৰ কৰি সন্ত্ৰাসবাদীকেইটাই নিশা প্ৰায় ৮ বজাত কোলাবাৰ ওচৰৰ মাছ বজাৰত অৱতৰণ কৰিছিল ।
ছত্ৰপতি শিৱাজী টাৰ্মিনেলত প্ৰথম আক্ৰমণ-
কোলাবাৰ পৰা সন্ত্ৰাসবাদীয়ে ৪ জনীয়া গোটত টেক্সি লৈ নিজ নিজ গন্তব্যস্থানৰ দিশে ৰাওনা হয় । সন্ত্ৰাসবাদীৰ এটা দলে নিশা ৯.৩০ বজাত ছাত্ৰপতি শিৱাজী টাৰ্মিনেল ৰেল ষ্টেচনত উপস্থিত হয় । সকলোৰে হাতত AK-47 ৰাইফল আছিল আৰু ইয়াত উপস্থিত হৈয়ে সন্ত্ৰাসবাদীকেইটাই নিৰ্বিচাৰে গুলী চলাবলৈ আৰম্ভ কৰে । এই আক্ৰমণকাৰীৰ মাজত আজমল কাছাবো আছিল, যাক নিৰাপত্তাৰক্ষীয়ে জীৱিত অৱস্থাত বন্দী কৰে আৰু পৰৱৰ্তী সময়ত এই সন্ত্ৰাসবাদীটোক ফাঁচী দিয়া হয় । এই আক্ৰমণৰ পিছতে ভিলে পাৰ্লে অঞ্চলতো গোলাবৰ্ষণৰ খবৰ আহিছিল ।
তিনিদিন ধৰি চলিছিল এই অভিযান-
সেই নিশা সন্ত্ৰাসবাদীয়ে মুম্বাইৰ বহু বিখ্যাত স্থানক লক্ষ্য কৰি লয় । মুম্বাইত অৱস্থিত বিশ্বমানৰ হোটেলসমূহৰ ভিতৰত অন্যতম তাজ হোটেল, অবেৰয় ট্ৰাইডেণ্ট হোটেল আৰু নৰিমান হাউছক লক্ষ্য কৰি লৈছিল সন্ত্ৰাসবাদীয়ে । মুম্বাইৰ গৌৰৱ বুলি কোৱা তাজ হোটেল সন্ত্ৰাসবাদীয়ে সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিল । তিনিদিন ধৰি নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ চলিছিল । আৰক্ষী আৰু সেনাৰ অভিযানৰ পিছতে এন এছ জিৰ কমাণ্ডোৰ সহায় লোৱা হয় । এন এছ জিৰ কমাণ্ডোৱে আটাইকেইটা সন্ত্ৰাসবাদীক হত্যা কৰে । তেওঁলোকৰ বীৰত্বৰ বাবেই ভাৰতে এই সংকট ৰোধ কৰিবলৈ সক্ষম হয় ।
শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে-
২৬/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া নিৰাপত্তাৰক্ষীসকলক মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সামাজিক মাধ্যমৰ এটা পোষ্টত অমিত শ্বাহে শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি প্ৰণাম জনাই । লগতে তেওঁ কয়, “সন্ত্ৰাসবাদ সমগ্ৰ মানৱ সভ্যতাৰ ওপৰত এক কলংক । সন্ত্ৰাসবাদৰ বিৰুদ্ধে মোদী চৰকাৰৰ ‘শূন্য সহনশীলতা’ নীতিক সমগ্ৰ বিশ্বই শলাগ লৈছে আৰু আজি ভাৰত সন্ত্ৰাসবাদ বিৰোধী পদক্ষেপৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত হৈছে ।”
साल 2008 में आज ही के दिन मुंबई में कायर आतंकवादियों ने निर्दोष लोगों की हत्या कर मानवता को शर्मसार किया था। 26/11 के मुंबई हमलों में आतंकियों से लड़ते हुए वीरगति को प्राप्त होने वाले जवानों को भावभीनी श्रद्धांजलि अर्पित करता हूँ और अपना जीवन गँवाने वाले लोगों को नमन करता हूँ।…
— Amit Shah (@AmitShah) November 26, 2024
ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও ২৬/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত শ্বহীদ হোৱা সকলো নিৰাপত্তাৰক্ষীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
On the anniversary of 26/11 Mumbai terror attacks, the nation remebers who lost their lives that fateful day. We pay homage to the security personnel who fought with utmost courage and made supreme sacrifice in the line of duty. We remember, and we will never forget those wounds.
— Rajnath Singh (@rajnathsingh) November 26, 2024