নিউজীলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ তৃতীয়খন খেলত ২৫ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ভাৰতীয় দল । এই পৰাজয়ৰ লগে লগে ভাৰতীয় দলটোৱে শৃংখলাত ০-৩ ব্যৱধানত পৰাস্ত হৈ হোৱাইট ৱাশ্বৰ সন্মুখীন হয় । মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত খেলা টেষ্টখনত নিউজীলেণ্ডে ভাৰতক ১৪৭ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল যদিও দলটো ১২১ ৰানতে সীমাবদ্ধ থাকিবলৈ বাধ্য হয় । কেৱল ঋষভ পন্টেহে ক্ৰীজত কিছু সময় তিষ্ঠি থাকিবলৈ সক্ষম হয় আৰু ৬৪ ৰানৰ এক ইনিংছ খেলে । নিউজীলেণ্ডৰ জয়ৰ নায়ক আছিল স্পীনাৰ এজাজ পেটেল, যিয়ে এই খেলখনত মুঠ ১১ টা উইকেট দখল কৰে ।
পৰাজয়ৰ বাবে বাঢ়িল টিম ইণ্ডিয়াৰ সমস্যা-
নিউজীলেণ্ডৰ বিৰুদ্ধে ০-৩ ব্যৱধানত শৃংখলাত পৰাজয়ৰ পাছত ভাৰতীয় দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) পইণ্ট টেবুলত এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে ৷ এই পৰাজয়ৰ পিছত এতিয়া দ্বিতীয় স্থানলৈ অৱনমিত হৈছে ভাৰতীয় দল । এই টেষ্টখনৰ পূৰ্বে ভাৰতীয় দলৰ পইণ্টৰ শতকৰা হাৰ আছিল ৬২.৮২, যিটো এতিয়া ৫৮.৩৩ লৈ হ্ৰাস পাইছে । এতিয়া তালিকাৰ প্ৰথম স্থানলৈ আহিছে অষ্ট্ৰেলিয়া । আনহাতে, নিউজীলেণ্ডে এই জয়েৰে ফাইনেলত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখিছে ।
উল্লেখ্য যে এতিয়ালৈকে ভাৰতীয় দলৰ ১৪ খন মেচত ৮ খন জয়, ৫ খন পৰাজয় আৰু ১ খন ড্ৰ’ৰে ৯৮ পইণ্ট আছে । দলটোৰ নম্বৰৰ শতাংশ ৫৮.৩৩ । ভাৰতৰ বাবে আৰু পাঁচখন টেষ্ট মেচ খেলিবলৈ বাকী আছে আৰু ইয়াৰ বাবে চূড়ান্ত সমীকৰণটো কঠিন হৈ পৰিছে । ভাৰতে এতিয়া অষ্ট্ৰেলিয়াৰ মাটিত দলটোৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলা খেলিব লাগিব । ফাইনেলত প্ৰৱেশ কৰিবলৈ ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন টেষ্টৰ ভিতৰত চাৰিখন খেলত জয়ী হ’ব লাগিব আৰু এখন মেচ ড্ৰ’ কৰিব লাগিব । ভাৰতীয় দল যদি এখন মেচতো পৰাস্ত হয় তেন্তে ফাইনেলত প্ৰৱেশৰ বাবে আন দলৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব ।
ইফালে ডব্লিউ টি চি পইন্ট টেবুলত এক নম্বৰ স্থানত থকা কেংগাৰু দলটোৱে ১২খন খেলত ৮খন জয়, তিনিখন পৰাজয় আৰু এখন ড্রৰ সৈতে ৯০ পইণ্ট লাভ কৰিছে ৷ কেংগাৰু দলৰ নম্বৰৰ শতাংশ ৬২.৫০ । দ্বিতীয় স্থানত ভাৰত, তৃতীয় স্থানত আছে শ্ৰীলংকাৰ দল । শ্ৰীলংকাই ৯খন খেলত ৫৫.৫৬ শতাংশ পইণ্ট আৰু ৬০ পইণ্ট লাভ কৰিছে । চতুৰ্থ স্থানত নিউজীলেণ্ড, পঞ্চম স্থানত দক্ষিণ আফ্ৰিকা আৰু ষষ্ঠ স্থানত ইংলেণ্ড । সপ্তম স্থানত পাকিস্তান, অষ্টম স্থানত বাংলাদেশ আৰু নৱম স্থানত আছে ৱেষ্ট ইণ্ডিজ ।
চূড়ান্ত সমীকৰণ (অন্য ফলাফলৰ ওপৰত নিৰ্ভৰ নকৰাকৈ)-
অষ্ট্ৰেলিয়া- সাতখনৰ ভিতৰত ৫খনত জয়
ভাৰত- পাঁচৰ ভিতৰত চাৰিখন জয় আৰু এখন ড্ৰ’
শ্ৰীলংকা- চাৰিৰ ভিতৰত চাৰিখন জয়ৰ পিছত
নিউজীলেণ্ড – ৩ৰ ভিতৰত ৩খনত জয়*
দক্ষিণ আফ্ৰিকা- ৪ ৰ ভিতৰত ৪খন জয়
২০২৩ চনৰ পৰা ২০২৫ চনলৈ চলিবলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ এইটো তৃতীয় চক্ৰ । ইতিমধ্যে এই তৃতীয় চক্ৰৰ বাবে পইণ্ট ব্যৱস্থাৰ সৈতে জড়িত নিয়মসমূহ আই চি চিয়ে প্ৰকাশ কৰিছে । টেষ্ট মেচত জয়ী হ’লে দলটোৱে ১২ পইণ্ট, মেচ ড্ৰ’ হ’লে ৪ পইণ্ট আৰু মেচ টাই হ’লে ৬ পইণ্ট লাভ কৰিব ।
মেচখন জয়ী হ’লে ১০০ শতাংশ পইণ্ট, টাইত ৫০ শতাংশ, ড্ৰ’ত ৩৩.৩৩ শতাংশ আৰু পৰাজয়ৰ সময়ত শূন্য শতাংশ পইণ্ট যোগ কৰা হ’ব ৷ দুখন খেলৰ শৃংখলাত মুঠ ২৪ পইণ্ট আৰু পাঁচখন খেলৰ শৃংখলাত ৬০ পইণ্ট লাভ কৰিব । ৰেংকিং মূলতঃ ডব্লিউ টি চি টেবুলত জয়ৰ শতাংশৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয় ।