ৰাষ্ট্ৰীয় ৰাজধানীত সোমবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱাৰ সঞ্চালক তুলসী গাবাৰ্ডক সাক্ষাৎ কৰে । এই সাক্ষাতত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক প্ৰয়াগৰাজত সদ্য সমাপ্ত হোৱা মহাকুম্ভৰ পৰা অনা পবিত্ৰ জলেৰে ভৰা এটা পাত্ৰ উপহাৰ দিয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক কয় যে মহাকুম্ভত ৬৬ কোটিৰো অধিক ভাৰতীয়ই পবিত্ৰ স্নান কৰিছিল ।
কেইবাখনো ৰাষ্ট্ৰ ভ্ৰমণৰ অংশ হিচাপে ভাৰতত উপস্থিত হৈছে গাবাৰ্ড । ১৮ মাৰ্চত দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাইচিনা ডায়লগত ভাষণেৰে তেওঁৰ এছিয়া ভ্ৰমণৰ সামৰণি পৰিব, য’ত তেওঁক প্ৰধানমন্ত্ৰীয়ে আমন্ত্ৰণ জনাইছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু পৰ্যবেক্ষক গৱেষণা ফাউণ্ডেশ্যনৰ উদ্যোগত দশম সংস্কৰণৰ ৰাইচিনা ডায়লগৰ আয়োজন কৰা হৈছে ।
পি এম মোডীক সাক্ষাৎ কৰি কি ক’লে তুলসী গাবাৰ্ডে-
বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে তুলসী গাবাৰ্ডক ভাৰত-আমেৰিকাৰ বন্ধুত্বৰ প্ৰবল সমৰ্থক বুলি অভিহিত কৰে । একে সময়তে গাবাৰ্ডে প্ৰধানমন্ত্ৰী মোদীক লগ পোৱাক এক সন্মান বুলি অভিহিত কৰে । তেওঁ দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে । তুলসী গাবাৰ্ডে প্ৰধানমন্ত্ৰী মোদীক মালা উপহাৰ দিয়ে ।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ-
গবাৰ্ডে প্ৰধানমন্ত্ৰী মোদীৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকো সাক্ষাৎ কৰে । এই সময়ত ৰাজনাথ সিঙে নিষিদ্ধ খালিস্তানী সংগঠন ‘শিখছ ফৰ জাষ্টিছ’ (এছ এফ জে)ৰ আমেৰিকাত ভাৰত বিৰোধী কাৰ্যকলাপৰ ওপৰত উদ্বেগ প্ৰকাশ কৰে । সূত্ৰ অনুসৰি ভাৰতে ইয়াৰ উদ্বেগ ভাগ কৰি আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালকক এই অবৈধ সংগঠনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । ইয়াৰ লগতে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতা আৰু চোৰাংচোৱাৰ বিনিময়ৰ দিশসমূহো আলোচনা কৰা হয় ।