তিৰুপতি মন্দিৰৰ লাডুত জন্তুৰ চৰ্বী ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগৰ পিছত দেশজুৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা । পূৰ্বৰ ৱাই এছ আৰ চি পি চৰকাৰৰ অধীনত অন্ধ্ৰ প্ৰদেশৰ তিৰুমালাৰ শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰত প্ৰসাদ হিচাপে বিতৰণ কৰা লাডুত জন্তুৰ চৰ্বী মিশ্ৰিত ঘিউ ব্যৱহাৰৰ অভিযোগৰ সন্দৰ্ভত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে নতুনকৈ স্বতন্ত্ৰ বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰিবলৈ নিৰ্দেশ দিয়ে ।

উচ্চতম ন্যায়ালয়ে চি বি আইৰ দুজন বিষয়া, অন্ধ্ৰপ্ৰদেশ আৰক্ষীৰ দুজন বিষয়া আৰু ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণৰ এজন জ্যেষ্ঠ বিষয়াৰে এখন স্বতন্ত্ৰ পাঁচজনীয়া এছ আই টি গঠন কৰিবলৈ নিৰ্দেশ দিয়ে । চি বি আইৰ সঞ্চালকে এছ আই টিৰ তদন্তৰ তদাৰক কৰিব ।
তিৰুমালাৰ তিৰুপতি মন্দিৰত প্ৰসাদ হিচাপে পৰিৱেশন কৰা লাডু তৈয়াৰ কৰিবলৈ পশুৰ চৰ্বি ব্যৱহাৰ কৰাৰ অভিযোগৰ আদালতৰ নিৰীক্ষণত তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে এক গোটৰ আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল । উচ্চতম ন্যায়ালয়ে কয় যে এই বিষয়টো ৰাজনৈতিক নাটকলৈ পৰিৱৰ্তিত হোৱাটো নিবিচাৰে। যদি এটা স্বতন্ত্ৰ সংস্থা থাকে, তেন্তে আত্মবিশ্বাস থাকিব ।
এজন আবেদনকাৰীৰ হৈ হাজিৰ হোৱাৰ সময়ত জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে এই বিষয়টোৰ তদন্তৰ বাবে এখন স্বতন্ত্ৰ এছ আই টি গঠন কৰিবলৈ উচ্চতম ন্যায়ালয়ক আহ্বান জনায় ।
ইফালে তিৰুমালাৰ শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰত প্ৰসাদ হিচাপে পৰিবেশন কৰা লাডু প্ৰস্তুতৰ বাবে জন্তুৰ চৰ্বী মিশ্ৰিত ঘিউ ব্যৱহাৰৰ বিষয়ে ৰাজহুৱা অভিযোগ উত্থাপন কৰা সন্দৰ্ভত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক সোমবাৰে প্ৰশ্ন কৰে উচ্চতম ন্যায়ালয়ে । ন্যায়াধীশ বি আৰ গাভাই আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয় যে লাডু প্ৰস্তুত কৰাৰ ক্ষেত্ৰত দূষিত ঘিউ ব্যৱহাৰ কৰা হৈছিল বুলি এতিয়াও কোনো চূড়ান্ত প্ৰমাণ পোৱা হোৱা নাই ।