২০২৪ বৰ্ষৰ ব্ৰহ্মাণ্ড সুন্দৰীৰ খিতাপ অৰ্জন কৰিলে ডেনমাৰ্কৰ ভিক্টোৰিয়া কেজীৰা । মেক্সিকোত অনুষ্ঠিত হৈছিল ৭৩ সংখ্যক ব্ৰহ্মাণ্ড সুন্দৰী প্ৰতিযোগিতা।
এই প্ৰতিযোগিতাখনত ১২৫ খন দেশৰ ১৩০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।মিছ ডেনমাৰ্ক অৰ্থাৎ ভিক্টোৰিয়া কেজীৰে মিছ ইউনিভাৰ্ছ খিতাপ জয় কৰি দেশখনৰ নাম উজলাই তুলিছে।
২১ বছৰীয়া ভিক্টোৰিয়া কেজীৰ এগৰাকী ভাল নৃত্যশিল্পীৰ লগতে এগৰাকী অধিবক্তাও ।প্ৰথমবাৰৰ বাবে এই খিতাপ অৰ্জন কৰিছে ডেনমাৰ্কে।
বিচাৰকে মিছ ইউনিভাৰ্ছ প্ৰতিযোগীতাৰ বিজয়ী ভিক্টোৰিয়া কাজাৰৰ নাম লোৱাৰ লগে লগে অতি আৱেগিক হৈ পৰে কাজেৰা। শিৰত ব্ৰহ্মাণ্ড সুন্দৰীৰ খিতাপ পিন্ধি কান্দোনত ভাগি পৰিল ভিক্টোৰিয়া কেজীৰ।
মিছ ইউনিভাৰ্ছৰ প্ৰতিযোগীতাত ভাৰতৰ পৰা অংশগ্ৰহণ কৰা যুৱতী গৰাকীৰ নাম আছিল ৰিয়া সিংঘা।কিন্তু ৰিয়াই শীৰ্ষ ১২ তে প্ৰতিযোগীতাখনৰ পৰা বাহিৰ হ’ব লগা হয়।