ফাইনেলৰ পূৰ্বে পুনৰ বিতৰ্কত মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা; আন এজন বিচাৰকৰ পদত্যাগ

ফাইনেলৰ পূৰ্বে পুনৰ বিতৰ্কত মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা

মিছ ইউনিভাৰ্ছ ২০২৫ক লৈ বিতৰ্ক অবিৰতভাৱে অব্যাহত আছে।ফাইনেলৰ বাবে মাত্ৰ কেইটামান দিন বাকী আছে আৰু তাৰ মাজতে শ্ব’টোৰ পৰা দুজন বিচাৰক ওলাই গৈছে।

প্ৰথমে বিচাৰক ওমৰ হাৰফৌচে হঠাতে পদত্যাগ কৰি সকলোকে আচৰিত কৰি দিছিল। তেওঁ প্ৰতিযোগিতাখনত ৰিগিঙৰ অভিযোগ উত্থাপন কৰিছিল, এতিয়া উমৰৰ পিছত আন এজন বিচাৰকে শ্ব’টোৰ পৰা পদত্যাগ কৰিছে।

ফাইনেলৰ মাত্ৰ তিনিদিন পূৰ্বে দুজন বিচাৰকৰ পদত্যাগে প্ৰতিযোগিতাখনক এক কঠিন পৰিস্থিতিত পেলাইছে।

ওমৰৰ পিছত এতিয়া ফ্ৰান্সৰ ফুটবল খেলুৱৈ ক্ল’ড মেকহেলেও ইনষ্টাগ্ৰামত এটা চুটি পোষ্টৰ জৰিয়তে কৈছে যে তেওঁ পদৰ পৰা পদত্যাগ কৰিছে।

তেওঁ লিখিছে যে নিজৰ ব্যক্তিগত কাৰণত ২০২৫ চনৰ মিছ ইউনিভাৰ্ছৰ ফাইনেলত অংশগ্ৰহণ কৰিব নোৱাৰিব।

ক্ল’ড মেকহেলে ইনষ্টাগ্ৰাম পোষ্টত লিখিছে যে,’মই আপোনালোকক জনাবলৈ দুখ পাইছো যে কিছুমান ব্যক্তিগত কাৰণত মই মিছ ইউনিভাৰ্ছ ২০২৫ অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিম’।

‘এই সিদ্ধান্ত সহজ নাছিল, কিয়নো মই মিছ ইউনিভাৰ্ছ আৰু ইয়াৰ সবলীকৰণ আৰু বৈচিত্ৰ্যৰ মূল্যবোধক সন্মান কৰো।সংগঠন, সকলো প্ৰতিযোগী, আৰু জড়িত সকলোৰে ওচৰত ক্ষমা বিচাৰছো’।

‘ভাল সময়ত পুনৰ যোগদান কৰিব পাৰিম বুলি আশা কৰিলোঁ। আপোনালোকৰ বুজাবুজি আৰু সমৰ্থনৰ বাবে ধন্যবাদ।’

লগতে পঢ়ক: ১ মাহৰ পিছত পৰিনীতি আৰু ৰাঘৱে শ্বেয়াৰ কৰিলে পুত্ৰৰ প্ৰথমখন ফটো; ৰাজহুৱা কৰিলে নাম